![]()
নৈৰ পানীৰ পৰা এটাৰ পিছত এটাকৈ উদ্ধাৰ কৰা হৈছে মৃতদেহ। মণিপুৰৰ ননে জিলাত সংঘটিত হৈছে এই হৃদয়বিদাৰক দৃশ্য। বৃহস্পতিবাৰে টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীৰ সমীপত খহি পৰে ১০৮ টেৰিটৰিয়েল আৰ্মীৰ শিবিৰ। ফলত বহুকেইজন লোক ধ্বংসাৱশেষত নিশ্চিহ্ন হৈ পৰিছে ৷
এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৮টা মৃতদেহ। নিহতসকলৰ ভিতৰত আছে জোৱানো। ৭ জন জোৱানসহ কমেও ৫৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ইজাই নদীৰ সমীপৰ ধ্বংসাৱশেষত তেওঁলোক সোমাই থকা বুলি আশংকা প্ৰকাশ কৰা হৈছে ৷

উদ্ধাৰ অভিযানত ভাৰতীয় সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল সেনাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী জড়িত হৈ আছে।
এতিয়ালৈকে ১৩ জন টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু ৫ জন বাসিন্দাক উদ্ধাৰ কৰা হৈছে। মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে।













