
২০ টকাৰ চাহ খাই গৈ ছার্ভিচ চার্জ দিবলগা হ’ল ৫০ টকা! যʼত ৰে’লত যাত্রা কৰিলে খোৱাৰ ৰাজসাহায্য পোৱা যায়, তাত ২০ টকাৰ চাহ খাই দিবলগা হৈছে ছার্ভিচ চার্জ ৫০ টকা।শতাব্দী এক্সপ্রেছৰ এই ঘটনাই চকু কপালত তুলিছে ৰে’লযাত্রীৰ। ছচিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে এজন যাত্রীয়ে।
তেওঁ ২৮ জুনত শতাব্দী এক্সপ্রেছত দিল্লীৰ পৰা ভূপাললৈ গৈছিল। ছবিখনত দেখা গৈছে যে এক কাপ চাহৰ দাম ২০ টকা। আৰু ছার্ভিচ চার্জ লোৱা হৈছে ৫০ টকা। সকলো মিলাই বিল হৈছে ৭০ টকা।
অৱশ্যে ৰে’ল কর্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছে যে এক্সপ্রেছ ৰে’লত যাত্রাৰ ক্ষেত্রত টিকট কটাৰ সময়ত যদি যাত্রীয়ে খোৱাৰ কথা নকয়, তেনে ক্ষেত্ৰত যিকোনো খাদ্যৰ ক্ষেত্রত ছার্ভিচ চার্জৰ বাবদ ৫০ টকা কটা হয়।
২০১৮ চনতেই ৰে’লৰ তৰফৰ পৰা বিবৃতি দিয়া হৈছিল যে ‘কোনো যাত্রীয়ে টিকট কটাৰ সময়ত খাদ্যৰ কথা নক’লে, খাদ্য পৰিবেশনৰ সময়ত অতিৰিক্ত ৫০ টকা কটা হ’ব।’ ৰাজধানী, শতাব্দীৰ দৰে ৰে’লত এই নিয়ম প্রযোজ্য হৈ আছে। তাৰ মাজতে যাত্ৰীজনৰ এই পোষ্টটি এতিয়া যথেষ্ট ভাইৰেল হৈছে।











