
মণিপুৰৰ ভূমিস্খলনৰ ঘটনাত বৰ্তমানলৈকে ২৪ জনৰ মৃতদেহ উদ্ধাৰ। ইয়াৰে ১৮ গৰাকী টেৰিট’ৰিয়েল জোৱানৰ মৃতদেহ লগতে আন ৬ গৰাকী অসামৰিক লোকৰ মৃতদেহ বুলি চিনাক্ত কৰা হৈছে। ১২ গৰাকী জোৱান এতিয়াও সন্ধানহীন।
টেৰিট’ৰিয়েল আৰ্মীৰ বিষয়া-জোৱানৰ মৃতদেহ বায়ুসেনা বিমানেৰে স্ব-গৃহলৈ প্ৰেৰণ। মৃত জোৱান সকলক মণিপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।













