
কেইবা বছৰ ধৰি আলোচনা হৈ আছিল। একাধিকবাৰ বন্ধ কৰাৰ কথা ভবা হৈছিল। কিন্তু পৰিকল্পনা বাস্তবত পৰিণত হোৱা নাছিল । অৱশেষত যোৱা শুকুৰবাৰে ‘চিঙ্গল ইউজ প্লাষ্টিক’ দ্রব্য তৈয়াৰ কৰা, আমদানি, সৰবৰাহ লগতে বিক্ৰী কৰাটোত দেশজুৰি নিষেধাজ্ঞা কার্যকৰী কৰা হৈছে।
ইতিমধ্যে ৭৫ মাইক্রনৰ কম প্লাষ্টিকৰ কেৰিবেগ ব্যবহাৰৰ নিষেধাজ্ঞা জাৰি হৈছে। এইবাৰ সম্পূৰ্ণ ‘চিঙ্গল ইউজ প্লাষ্টিক’ ব্যবহাৰত জাৰি হ’ল নিষেধাজ্ঞা।পৰিবেশ মন্ত্রালয়ে জাৰি কৰা নির্দেশ অনুযায়ী, ‘এক্সপেণ্ডেড পলিস্টিৰিন’, ‘পলিস্টিৰিন’সহ যিকোনো ‘চিঙ্গল ইউজ প্লাষ্টিকৰ’ উৎপাদন, বিক্ৰী, আমদানি, বিতৰণ নিষিদ্ধ কৰা হৈছে দেশত।
সকলোতকৈ বেছি পৰিমাণৰ প্লাষ্টিকেই তৈয়াৰ হয় ‘এক্সপেণ্ডেড পলিস্টিৰিনেৰেʼ। চেম্পু, চাবোনৰ বটলৰ লগতে মাস্ক, জাবৰ পেলোৱা পেকেট, চিপ্চৰ পেকেট— সকলো তৈয়াৰ হয় এই ধৰণৰ প্লাষ্টিকেৰেই। মিঠাই আৰু চিগাৰেটৰ পেকেটতো থাকে এই ধৰণৰ প্লাষ্টিক।
এইবাৰ প্লাষ্টিক নিষেধাজ্ঞা বলবৎ কৰাত কঠোৰ চৰকাৰ । ঘোষণা হৈছে, নিষেধাজ্ঞা অগ্রাহ্য কৰি ‘চিঙ্গল ইউজ প্লাষ্টিক’ ব্যবহাৰ কৰিলে পৰিবেশ সুৰক্ষা আইন (ইপিএ)-ৰ ১৫ অনুচ্ছেদ অনুযায়ী জেল কিংবা জৰিমনা, অথবা দুয়োটাই হ’ব পাৰে ।
এই নিষেধাজ্ঞা প্রসঙ্গে কেন্দ্রীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে কয় যে, ‘‘কলকাৰখানা আনকি, সাধাৰণ মানুহকো প্লাষ্টিক লৈ অনেক বাৰ সতর্ক কৰা হৈছে । বিশেষকৈ ‘চিঙ্গল ইউজ প্লাষ্টিক’ বন্ধ কৰাৰ কাৰণে অধিক সময় দিয়া হৈছে। অৱশেষত ১ জুলাইত এই আইন কার্যকৰী কৰা হৈছে।’’
কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডে ‘চিঙ্গল ইউজ প্লাষ্টিক’ বর্জনৰ বিষয়টোত উদ্যোগ লৈছে। নিষেধাজ্ঞা অমান্য কৰা দেখিলেই নির্দিষ্ট ঠাইত অভিযোগ কৰিব পাৰিব। লগতে, বিষয়াসকলে জনায় যে এফএমচিজি চেক্টৰত পেকেজিঙৰ কাৰণে প্লাষ্টিক একেবাৰেই যে নিষিদ্ধ, এনেকুৱা
নহয়। গতিকে তাৰ কাৰণে কিছু নির্দেশিকা দিয়া হৈছে।
কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ এটি ৰিপোর্ট অনুযায়ী, বছৰত ভাৰতত প্রায় ২.৪ লাখ টন ‘চিঙ্গল ইউজ প্লাষ্টিক’ উৎপন্ন হয়।ইতিমধ্যেই মোটামুটি কিছু ৰাজ্যত প্লাষ্টিক নিষেধাজ্ঞা কৰাত কঠোৰ পথ অৱলম্বন কৰিছে। ১ জুলাইত হাৰিয়ানা চৰকাৰে ‘চিঙ্গল ইউজ প্লাষ্টিক’ ব্যৱহাৰৰ নিষেধাজ্ঞাৰ সংকল্প লৈছে।
অসমতো সেয়া কাৰ্যকৰী কৰা হৈছে।ইতিমধ্যে ৰাজধানী দিল্লীত এই বিষয়ত পদক্ষেপ লোৱা হৈছে। হকাৰৰ লগতে সৰু-ডাঙৰ দোকান সকলো ঠাইতে ‘চিঙ্গল ইউজ প্লাষ্টিক’ বন্ধ কৰা হ’ব।সকলো মিলাই মুঠ ১৯টি ‘চিঙ্গল ইউজ প্লাষ্টিক’ ব্যবহাৰ নিষিদ্ধ কৰা হৈছে।











