
হিমাচল প্রদেশেৰ কুলুত ভয়াৱহ বাছ দুর্ঘটনাত পতিত হয় এখন স্কুল বাছ।ফলত বাছখনৰ ভিতৰত থকা শিক্ষাৰ্থীসহ মৃত্যু হয় ১৬ জনৰ। আহত একাধিক। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি জানিব পৰা গৈছে।
কুলুৰ উপায়ুক্ত আশুতোষ গর্গে জানিবলৈ দিয়ে যে পুৱা ৮.৩০ বজাত জাংলা গাঁৱৰ ওচৰত বাছখন এটি খালত পৰি যায়। খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰীৰ দল। ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি নিকটৱর্তী হস্পিটেলত ভর্তি কৰোৱা হয়।
তেওঁলোকৰ মাজত বেছি সংখ্যকৰ অৱস্থা সঙ্কটজনক।আনহাতে, জিলা প্রশাসনে জনোৱা মতে, বাছখনত কমপক্ষেও ৪০ জন শিক্ষার্থী আছিল। নিওলি-সামচৰ ৰাস্তাৰে কুলুৰ হৈ সায়ঞ্জৰ ফালে গৈছিল বাছখন। সেই সময়তেই দুর্ঘটনাট পতিত হয় বাছখন।
উক্ত মর্মান্তিক দুর্ঘটনাৰ খবৰ পাযই শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
টুইট কৰি আর্থিক ক্ষতিপূৰণৰ কথা ঘোষণা কৰে তেওঁ। প্রধানমন্ত্রীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা এই ঘটনাত নিহতৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে তেওঁ।











