
বাৰাণসী জিলা আদালতত ৩৫ দিনৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ হৈছে জ্ঞানবাপী মছজিদ গোচৰৰ শুনানি। ৩০ জুনৰ পিছত সোমবাৰে মুখ্য জিলা দণ্ডাধীশ এ কে বিশ্বাসৰ আদালতত মুছলমান পক্ষৰ হৈ ৫১ দফা যুক্তি দাখিল কৰা হয়। ১২ জুলাইত পুনৰ শুনানি হ’ব বুলি ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে।
অঞ্জুমান ইণ্টেজামিয়া (জ্ঞানবাপী) মছজিদ কমিটিৰ অধিবক্তা অভয় নাথে সোমবাৰে বাৰাণসী জিলা আদালতত জনোৱা মতে, ব্ৰিটিছ শাসনৰ সময়তো জ্ঞানবাপীৰ মাটিত মন্দিৰ নিৰ্মাণৰ দাবী আছিল। ১৯৩৭ চনত বাৰাণসী আদালতত আবেদন দাখিল কৰা হৈছিল যদিও ১৯৩৬ চনৰ ৰায়দানত জ্ঞানবাপীত প্ৰাৰ্থনা কৰাৰ অধিকাৰ ৰক্ষা কৰা হৈছিল। ১৯৪২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে সেই ৰায়ক সমৰ্থন কৰিছিল ৷
তদুপৰি মছজিদ কমিটীৰ যুক্তিমতে এতিয়া আদালতে দাবী কৰিছে যে বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ মাটি কেতিয়াও ৱাকফৰ সম্পত্তি নাছিল। কিন্তু এবছৰ পূর্বে কাশী বিশ্বনাথ ধাম কৰিড’ৰটো উত্তৰ প্রদেশৰ চুন্নী চেণ্ট্রেল ৱাকফ ব’র্ডৰ সৈতে টেম্পল ট্ৰাষ্ট মছজিদৰ সন্মুখত মাটি লাভ কৰিবলৈ চুক্তি কৰা হৈছিল৷











