
মুহূর্তে মুহূর্তে কঁপি উঠিছে আন্দামান। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২২ বাৰ ভূমিকম্প হোৱা বুলি জনাইছে নেচনেল চেণ্টাৰ ফৰ চিছমোলজিয়ে (এনচিএছ)।
এনচিএছে জনাইছে, প্রথম কম্পন অনুভূত হয় সোমবাৰে পুৱা ৫.৪২ মিনিটত। তাৰ পিছত আৰু ২১ বাৰ কঁপি উঠে আন্দামানৰ মাটি। কেৱল সোমবাৰে মাজৰাতিৰ পৰা মঙ্গলবাৰে পুৱা পর্যন্ত ১১ বাৰ ভূমিকম্প হৈছে। সেই কম্পনৰ মাত্রা ৰিখটাৰ স্কেলত যথাক্রমে ৩.৮ৰ পৰা ৫।
২২ নম্বৰ ভূমিকম্পটি হয় মঙ্গলবাৰে পুৱা ৮.০৫ বজাত। ভূপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ গভীৰত আছিল কম্পনৰ উৎসস্থল। কম্পনৰ মাত্রা আছিল ৪.৩। এনচিএছে এক টুইটত কৈছে, ‘পোর্ট ব্লেয়াৰৰ ১৮৭ কিলোমিটাৰ দক্ষিণ-পূব ভৃপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ গভীৰত কম্পনৰ উৎসস্থল আছিল।’











