![]()
নোভাক জোকোভিচ, ৰাফেল নাডালৰ ৰুদ্ধশ্বাস জয়ত সকলো যেতিয়া আসক্ত হৈ আছিল তেতিয়া প্রায় নিঃশব্দে আন এটি গ্রেণ্ড স্লেম জয়ৰ ফালে আগুৱাই গৈছিল ছানিয়া মির্জা। কিন্তু শেষ ৰক্ষা নহ’ল। টেনিছ জীৱনৰ অন্তিম বছৰৰ উইম্বলডনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত পৰাস্ত হয় তেওঁ।
ক্রোৱেচিয়াৰ মেট পাভিচৰ সৈতে ছানিয়াই ৬-৪, ৫-৭, ৪-৬ গেমত পৰাস্ত হয়। যোৱাবাৰৰ চেম্পিয়ন যুটি ব্রিটেইনৰ নিল স্কুপস্কি আৰু আমেৰিকাৰ ডিচাৰি ক্রচিকৰ হাতত পৰাস্ত হয় তেওঁলোক। ছানিয়া আছিল এইবাৰ উইম্বলডনৰ ষষ্ঠ বাছনিত। তেওঁ পৰাস্ত দ্বিতীয় বাছনিৰ যুটিটোৰ বিপক্ষে।












