![]()
পৰিয়ালৰ লগতে বন্ধুসকলৰ লগত ব্রিটেইনত ৪১ সংখ্যক জন্মদিন পালন কৰিলে মহেন্দ্র সিং ধোনিয়ে। মাজনিশা কেক কাটিলে ভাৰতৰ প্রাক্তন ক্ৰিকেটাৰজনে। মাহিৰ কেক কাটাৰ ভিডিও ছচিয়েল মিডিয়াত পোষ্ট কৰে তেওঁৰ পত্নী সাক্ষীয়ে।
৪ জুলাইত নিজৰ দ্বাদশ বিবাহ বার্ষিকী উদযাপন কৰে ইংলেণ্ডত গৈ পত্নীসহ ধোনিয়ে। বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্রামত প্রাক্তন ভাৰতীয় অধিনায়কজনৰ জন্মদিনৰ কেক কটাৰ ভিডিওৰ লগতে ছবি পোষ্ট কৰে সাক্ষীয়ে। কেপনছনত লিখে, ‘হেপি বার্থডে।’ লগত এটা হার্ট চিহ্ন। সেই পোষ্টত ৰণবীৰ সিং, গুৰু ৰান্ধাৱা, এমএছকেই জন্মদিনৰ শুভেচ্ছা জনাইছে। অভিনন্দনেৰে ভৰাই তুলিছে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীসকলেও।
ভিডিওৰ লগতে ধোনিৰ জন্মদিন পালনৰ ছবি নিজৰ ইনষ্টগ্রাম ষ্টৰিতো দিয়ে সাক্ষীয়ে। তাত ধোনিৰ পৰিয়ালৰ লগতে বন্ধুসকলৰ লগত দেখা যায় ঋষভ পন্থকো। জন্মদিনৰ আগদিনা নিশা ধোনিক অল ইংলেণ্ড ক্লাবত দেখা গৈছিল। উইম্বলডনৰ ৰাফেল নাডাল আৰু টেলৰ ফ্রিৎজৰ মেচত উপস্থিত আছিল দেশৰ অন্যতম শ্ৰেষ্ঠ অধিনায়কজন।
পিন্ধনত বগা চার্টৰ লগতে ধোঁৱা বৰণৰ ব্লেজাৰ। চকুত ছানগ্লাছ। চেন্নাই ছুপাৰ কিংছৰ টুইটাৰত সেই ছবি পোষ্ট কৰে। এফালে তাৰকা ক্রিকেটাৰজন দেশত নাথাকিলেও তেওঁৰ জন্মদিন পালনত কোনো অভাৱ ৰখা নাই ধোনি ভক্তসকলে।











