![]()
সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য উদাহৰণ। পাটনাৰ এটা মুছলমান পৰিয়ালে হিন্দু ৰীতি-নীতিৰে ৰামদেৱ শ্বাহ নামৰ ব্যক্তি এগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে। ৬৫ বছৰীয়া ৰামদেৱ শ্বাহে পাটনাৰ বাসিন্দা মহম্মদ ৰিজৱান খানৰ হোজিয়াৰী আউটলেটত কাম কৰিছিল।
যোৱা ২৫ বছৰে তেওঁ এই দোকানখনত কাম কৰি ৰিজৱানৰ পৰিয়ালৰ সদস্য হৈ পৰে। উল্লেখ্য যে যোৱা সপ্তাহত ৰামদেৱৰ মৃত্যু হয়৷ স্থানীয় বহুকেইটা মুছলমান পৰিয়ালেও ৰামদেৱৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে।
তাত দেখা গৈছে ৰিজৱানে ৰামদেৱৰ মৃতদেহ কঢ়িয়াই লৈ গৈছে। স্থানীয় লোকে কয় যে ৰামদেৱ আছিল সহজ-সৰল, পোনপটীয়া মানুহ। প্ৰায় ২৫ বছৰ ধৰি ৰিজৱানৰ দোকানত তেওঁ কাম কৰি আহিছে। ৰিজৱানে জানিবলৈ দিয়া মতে, ‘তেওঁ মোৰ দেউতাৰ দৰেই আছিল। প্ৰথম যেতিয়া দোকানলৈ আহিছিল তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ।
মই তেওঁক গধুৰ কাম কৰিবলৈ নিষেধ কৰিলোঁ৷ তেওঁ হিচাপ-নিকাচৰ কামটো ভালদৰে কৰিব পাৰে। ইয়াৰ পিছত বয়সৰ বাবে তেওঁৰ প্ৰদৰ্শন কমি আহিল। মই তেওঁক জিৰণি ল’বলৈ ক’লোঁ৷ দৰমহাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। সময়মতে দৰমহা পাব বুলিও কৈছিলো৷’
ৰিজৱানে লগতে কয়, ‘তেওঁ মোৰ অভিভাৱকৰ দৰে আছিল।’ তেওঁ আৰু কয় যে আমি হিন্দুৰ অনুষ্ঠানলৈ যাওঁ আৰু হিন্দুসকলো আমাৰ অনুষ্ঠানলৈ আহে ৷











