
চখ এটা ডাঙৰ দুৰ্বলতা৷ সেই চখ পূৰণ কৰিবলৈ গৈ এইবাৰ সমস্যাৰ সন্মুখীন হ’ল আমেৰিকাৰ এগৰাকী বিধায়িকা৷ বিকিনি (Dance with Bikini) পৰিধানৰ কৰি বিধায়িকাগৰাকীয়ে (টিয়াৰা মেক) ছ’চিয়েল মিডিয়াত নৃত্যৰ এটা ভিডিঅ’ আপলোড কৰাৰ পিছতে মানুহে তেওঁক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে।
অৱশ্যে তেওঁ এটা এটাকৈ সকলো সমালোচনাৰে কঠোৰ উত্তৰ দিছে৷ উল্লেখ্য যে টিয়াৰা মেক নামৰ ২৮বছৰীয়া আমেৰিকাৰ বিধায়িকাগৰাকীয়ে নিজৰ অঞ্চলৰ মানুহক আকৰ্ষণ কৰিবলৈ বিকিনি পিন্ধি নাচি থকা ভিডিঅ’ আপলোড কৰিছিল। কিন্তু এই ভিডিঅ’টো চাই যেতিয়া মানুহে সমালোচনা কৰিবলৈ লয় তেতিয়া তেওঁ নিজকে বচাবলৈ চেষ্টা কৰে। জানিব পৰা মতে, টিয়াৰা মেক ডেম’ক্ৰেটিক পাৰ্টিৰ বিধায়িকা।
টিকটকত আপলোড কৰা ভিডিঅ’টোৰ তলত তেওঁ লিখিছে ‘ব্লেক আইলেণ্ডত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা এজন দক্ষ চিনেটৰ’।ভিডিঅ’টোৰ শেষত টিয়াৰাই পুনৰ ‘ভোট মেক’ বুলি কোৱা শুনা যায়। অৰ্থাৎ তেওঁ এই ভিডিঅ’টো নিৰ্বাচনী প্ৰচাৰৰ অংশ কৰি লৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত আৰম্ভ হৈছে টিয়াৰা মেকক লৈ চৰ্চা।
জনপ্ৰতিনিধিৰ বাবে ইমান চুটি পোছাক কোনেও চাব বিচৰা নাছিল। এটাৰ পিছত এটাকৈ তীৰ্যক মন্তব্যৰে বিভিন্নজনে ভৰাই পেলাইছে কমেণ্ট বক্স। এজন ব্যক্তিয়ে এটা মন্তব্যত লিখিছে, ’এই দ্বীপটোত ছোৱালীক সন্মান কৰা নহয় বুলি কোনেও ক’ব নালাগে’।পিছে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মেকে সকলো সমালোচনাৰে হাঁহিমুখে উত্তৰ দিয়ে৷
হাস্যৰসময়ী মুখেৰে তেওঁ কয়, “মোৰ আইভী লীগৰ ডিগ্ৰী আছে, এনেকুৱাও নহয় যে মই ৰাজ্যিক চিনেটৰ পদত বহি আছো৷ মোৰ পৰিচয়ৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।“ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০২১ চনত টিয়াৰা মেক চিনেটলৈ নিৰ্বাচিত হৈছিল।
তেওঁ মুঠ ৬০ শতাংশ ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰে। এলজিবিটিকিউ শিতানৰ পৰা ৰোড আইলেণ্ডৰ চিনেটৰ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ব্যক্তিয়ে হৈছে টিয়াৰা।











