![]()
মুম্বাইৰ পিছত এতিয়া কর্নাটকটো ধাৰাষাৰ বৰষুণ।উটি-ভাহি গৈছে একাংশ। উপকূলীয় অঞ্চলটোত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধাৰাষাৰ বৰষুণৰ পূর্বাভাস জাৰি কৰিছে বতৰ বিজ্ঞানীয়ে। মাঙ্গালুৰুত ধলত তিনিজন ব্যক্তিৰ মৃত্যু হয়।উপকূলীয় অঞ্চলটোত সকলো স্কুল আৰু কলেজ বন্ধ কৰি দিয়া হৈছে।
কর্নাটকৰ মুখ্যমন্ত্রী বাসবৰাজ বোম্মাই কয়, ‘বৰষুণত বিপর্যস্ত জিলাৰ উপায়ুক্তৰ লগত আলোচনা হৈছে। উদ্ধাৰৰ কাম চলিছে। প্রবল বৃষ্টিপাতৰ কাৰণে উপকূলীয় জিলা আৰু কোদাগু অঞ্চলত ঘৰ-বাৰী ক্ষতিগ্রস্ত হৈছে।’ উদ্ধাৰকাৰ্যৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক নিয়োগ কৰা হৈছে।
মাঙ্গালুৰু জিলাৰ পৰা প্রায় ৩০ কি:মি: দূৰত পাঞ্জিকাল্লু গাঁৱত ধলৰ কাৰণে বোকাৰ তলত সোমাই তিনিজন শ্রমিকৰ মৃত্যু হয়। আনহাতে, ধাৰাষাৰ বৰষুণৰ কাৰণে উপকূলীয় অঞ্চলত আৰু মালনাদ অঞ্চলত স্বাভাবিক জনজীৱন বিপর্যস্ত হৈ পৰিছে। বিভিন্ন অঞ্চলত ঘৰ-বাৰী ক্ষতিগ্রস্ত হৈছে। ভাঙি পৰিছে বিদ্যুতৰ খুঁটা। বিভিন্ন নদীৰ জলস্তৰ বাঢ়িছে।
দ অঞ্চল আৰু খেতি পথাৰতো পানী জমা হ’ব আৰম্ভ কৰিছে। ইয়াৰ আগতে ২০০৯ চনত কর্নাটকত বানত ব্যাপক ক্ষতি হৈছিল। প্ৰায় ৬০খন গাঁও বানপানীত ডুবি যায়। এইবাৰো তেনেকুৱা পৰিস্থিতি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। সেয়ে ইতিমধ্যে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক অন্য ঠাইলৈ স্থানান্তৰৰ প্রস্তুতি আৰম্ভ কৰিছে।











