![]()
তামিলনাডুৰ চেঙ্গালপেট জিলাৰ মাদুৰাণ্টাকামৰ সমীপৰ থোজহুপেডুত শুকুৰবাৰে পুৱা এখন চৰকাৰী বাছে ট্ৰাকত খুন্দা মৰাৰ ফলত দুগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আহত হয় আন কেইবাজনো যাত্ৰী।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৪০ জনৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া এই বাছখন চেন্নাই-ত্ৰিচি ৰাষ্ট্ৰীয় ঘাইপথেৰে চেন্নাইৰ পৰা চিদাম্বৰম অভিমুখে গৈ আছিল। থোজহুপেডুৰ ওচৰত বাছখনে ৰৈ থকা এখন ট্ৰাক এখনত খুন্দা মৰাৰ ফলত বাছখনৰ এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজে লগ হৈ যাত্ৰীসকলক উদ্ধাৰ কৰাৰ সমান্তৰালকৈ আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু মৃত লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
এই শোকাবহ পথ দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শোক প্ৰকাশ কৰি তামিল ভাষাতে দুৰ্ঘটনাত নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি বাছখনৰ চালকজন বৰ্তমান পলাতক হৈ আছে।











