![]()
জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত বৃহস্পতিবাৰে এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়। ৰামনগৰৰ পৰা ছিত্ৰেদী অভিমুখে গৈ থকা বাছখন ৰামনগৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ গাঁতিত বাগৰি পৰে। ইয়াৰ ফলত কমেও ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ১০ জন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ ফলত বাছখনৰ ভিতৰত থকা তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে। আনহাতে আন ১০ জন যাত্ৰীক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাইও দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে।
আনহাতে, দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে মৰ্মান্তিক বাছ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ ওচৰৰ আত্মীয়ৰ বাবে ৫ লাখ টকাকৈ এক্স-গ্ৰেচিয়া প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে লেফটেনেন্ট গভৰ্ণৰগৰাকীয়ে।











