ASSAM TIMES POST, যোৰহাটৰ পৰা অজন্তা তালুকদাৰঃ যােৰহাট মহানগৰ কবি সন্মিলনৰ উদ্যোগত “অৰুন্ধতীৰ কবি” নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম কবি সন্মিলনে বিগত বৰ্ষ সমূহৰ দৰে ১৪ জুলাই দিনটোত কাব্য-নন্দিনী শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰে। এই উপলক্ষে যোৰহাট চেণ্ট্রেল ক্লাব প্রেক্ষাগৃহত সুলেখিকা, কাব্য-নন্দিনী ড°জ্যোতিৰেখা হাজৰিকাৰ সঞ্চালনাত সদৌ অসম কবি সন্মিলনৰ বিশেষ আয়োজন মহিলা কবিৰ কবিতা পাঠ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

অসমীয়া কাব্য সাধনাৰ অন্যতম প্রতিভা ৰীতা বৰুৱাই উদ্বোধন কৰা অনুষ্ঠানত বিশিষ্ট লেখিকা নীলিমা শৰ্মা, দীপিকা বৰুৱা আৰু মীৰা দত্তক সম্বৰ্দ্ধনা জনােৱা হয়। সদৌ অসম কবি সন্মিলনৰ প্রধান সম্পাদক উজ্জ্বল পাওগামে আদৰণী ভাষণ প্রদান কৰে আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই অসমীয়া কবিতা সম্পর্কে গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। ডেৰ শতাধিক কাব্যপ্রেমীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত
বোকাখাত, দুলীয়াজান, গোলাঘাট, নুমলীগড়, ডিব্ৰুগড়, নকছাৰি, বৰহোলা আদি বিভিন্ন ঠাইৰ মিনতি দলে, মদিৰা শইকীয়া ভূঞা, অজন্তা তালুকদাৰ, বিনু ফুকন, মনালিছা শইকীয়া, প্রিঞ্চিপ্ৰিয়া ফুকন, নীহাৰিকা শইকীয়া, স্বপ্না ডি নাথ, ড° গায়ত্রী দাস, পপী শইকীয়া, লাকী কলিতা, কৰিস্মা শইকীয়া, মফিদা বেগম, জ্বলি বেগম, তুলুমণি শইকীয়া, জেছমিন এছ. চুলতানা, মিনু স্বর্ণকাৰ, বন্দনা সন্দিকৈ, জুমি শৰ্মা আদি ডেৰ কুৰি কবিয়ে কবিতা পাঠ কৰে।

যোৰহাট মহানগৰ কবি সন্মিলনৰ সম্পাদক টুনমণি বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকর্মী, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক সমীৰণ বৰদলৈ, বিশিষ্ট সাংস্কৃতিক কর্মী পুলক শইকীয়া, জ্যেষ্ঠ নাগৰিক পৰজ বকুল বৰুৱা, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি মহেন্দ্রনাথ হাজৰিকা, যােৰহাট জিলা কবি সম্মিলনৰ প্রাক্তন সভাপতি দেবেন তাছা, যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক বাবলু প্ৰসাদ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জীৱ গগৈ, মনোজ নেওগ, জিণ্টু ফুকন, স্নেহা জোনাক দত্ত আদিয়ে অংশ গ্ৰহণ কৰে। যোৰহাট মহানগৰ কবি সন্মিলনৰ উপসভাপতি আৰেছা বেগমে আঁত ধৰা অনুষ্ঠানটিৰ ব্যৱস্থাপনা আছিল জিণ্টু ফুকনৰ।













