![]()
ডাৱৰ বিস্ফোৰণত বিপর্যস্ত জম্মু আৰু কাশ্মীৰৰ অমৰনাথ তীর্থক্ষেত্র। শুকুৰবাৰে আবেলি ৫.৩০ বজাত অমৰনাথ গুহা আৰু কালীমাৰ মাজৰ অঞ্চলত অলপ সময়ৰ ভিতৰতেই প্রবল বৰষুণ হয়। ইয়াৰ ফলত উটি গৈছে ২৫টি তীৰ্থযাত্ৰীৰ শিবিৰ। প্ৰায় ৯ জনৰ মৃত্যু হোৱা বুলি স্থানীয় সংবাদ মাধ্যমৰ খবৰ। অনুমান কৰা হৈছে যে এই সংখ্যা আৰু বৃদ্ধি পাব।
শুকুৰবাৰে এই ঘটনাত ঘটনাস্থলীত উপস্থিত হয় ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী। লগতে উপস্থিত হয় জম্মু আৰু কাশ্মীৰৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীও। আৰম্ভ হৈছে উদ্ধাৰ কাৰ্য। ইণ্ডো টিবেটান সীমান্ত আৰক্ষীবাহিনীয়ে হেলিকপ্টাৰ লৈ উপস্থিত হয় সেই অঞ্চলত।
তেওঁলোকে জনাইছে যে ডাৱৰৰ বিস্ফোৰণত অমৰনাথৰ গুহাৰ ওপৰৰ পৰা হঠাৎ পানী নামিব আৰম্ভ কৰে। ঘটনাটিৰ এটি ভিডিও প্রকাশ কৰিছে সংবাদ মাধ্যম এএনআই-এ। তাত দেখা গৈছে প্রবল সোঁতেৰে ৰাস্তাত পানী সোমাইছে।এটি সূত্রই দাবী কৰা মতে, অঞ্চলটোত প্ৰায় ১০ৰ পৰা ১২ হাজাৰ তীৰ্থযাত্ৰী আছিল।











