![]()
অমৰনাথত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত এতিয়ালৈকে ১৫ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পানীয়ে অমৰনাথ গুহা আৰু কলিমাতাৰ মাজৰ অঞ্চলৰ কমেও তীৰ্থযাত্ৰী থকা ২৫টা শিবিৰ উটুৱাই লৈ যায়।
বৰ্তমানলৈকে ১৫ জনৰ মৃত্যু হোৱাৰ লগতে ৪০ জন তীৰ্থযাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। অৱশ্যে ১৫ হাজাৰ তীৰ্থযাত্ৰীক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে জম্মু-কাশ্মীৰ দুৰ্যোগ সঁহাৰি বাহিনীয়ে কাম আৰম্ভ কৰিছে ৷
হেলিকপ্টাৰেৰে ভাৰত-তিব্বত সীমান্ত আৰক্ষী উপস্থিত হয় অঞ্চলটোত। ইয়াৰ পিছতে ভাৰতীয় সেনাই তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ ৬টা দল মোতায়েন কৰে। উদ্ধাৰ হোৱা তীৰ্থযাত্ৰীসকলক বিমানযোগে আন ঠাইলৈ আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে তাত এতিয়াও বৰষুণ দি আছে। অৱশ্যে ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ লগতে এই ঘটনাক লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও গভীৰ শোক প্ৰকাশ কৰে ৷










