
বয়স এটি সংখ্যাহে মাত্র! এই আপ্তবাক্যটি আমি প্রায়েই কওঁ। কিন্তু এই বয়সৰো এটা নিৰ্দিষ্ট সীমালৈকেহে ইয়াক কোৱা হয়। কিন্তু বয়সে যদি কোনো সীমা মানিবলৈ বাধ্য নহয়?এয়া তেনে এক ঘটনায়ে। অৱশ্যে বয়স যেতিয়া ৯৪ হয় তেতিয়া বিষয়টো বেছি গহীন হৈ পৰে।
বেছিভাগ মানুহেই ইমান দিন পর্যন্ত জীয়াই নাথাকে, থাকিলেও প্রায়ে শয্যাশায়ী হয়। কিন্তু ৯৪ বছৰীয়া ভগৱানী দেৱীয়ে ওর্ল্ড মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত জয়লাভ কৰে এটি সোণ, দুটি ব্রঞ্জৰ পদক।
যাৰ দ্বাৰা তেওঁ পুনৰ ভাৰতক গর্বিত কৰালে।ফিনলেণ্ডৰ টেম্পেয়াৰত অনুষ্ঠিত হৈছে ৱর্ল্ড মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ। তাত ১০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে ভগৱানী দেৱী ডাগৰে।
২৪.৪৭ ছেকেণ্ডত তেওঁ অতিক্ৰম কৰে ১০০ মিটাৰ। ইয়াৰ উপৰি শ্বট পুটত দুটা ব্রঞ্জৰ পদক লাভ কৰে তেওঁ। এতিয়া তেওঁৰ এই সাফল্যৰ পিছত ক’ব পাৰি, সঁচাকৈয়েই বয়স কেৱল মাত্র এটি সংখ্যাহে।











