![]()
ডিয়াঙৰ নামনিত অসমৰ সন্ধানহীন চাৰি যুৱকৰ দুইগৰাকীৰ মৃতদেহ ইতিমধ্যে প্ৰত্যক্ষ কৰা গৈছে। মৃতদেহ দুটা সিঁচৰিত হৈ থকাৰ লগতে পাহাৰৰ নামনিত এখন বিধ্বস্ত গাড়ীও প্ৰত্যক্ষ কৰিছে অভিযানকাৰী দলটোৱে
সন্দেহ কৰা গৈছে যে, উক্ত মৃতদেহ দুটা নগাঁৱৰ লাওখোৱা পথৰ বেদান্ত বৰমেহেলা আৰু কন্দলিৰ নয়ন বসুতাৰীৰ। জানিব পৰা মতে, যোৱা ১৯ জুলাই, ২০২২ তাৰিখে চাৰি বন্ধু ক্ৰমে নয়ন,বেদান্ত , হিৰক বড়ো আৰু সঞ্জীব দাস অৰুণাচললৈ ফুৰিবলৈ গৈছিল ৷
অৰুণালত উপস্থিত হোৱাৰ পিছত সেই দিনা সন্ধ্যাৰ পৰা চাৰি যুৱক সন্ধানহীন হৈ পৰে আৰু পৰিয়ালৰ লোকৰে যোগাযোগ বিচিন্ন হৈ পৰে ৷ এই ঘটনাৰ পিছত পৰিয়ালৰ লোকে নগাঁও সদৰ থানাক ঘটনাৰ সন্দৰ্ভত অবগত কৰিছিল ৷ মৃতদেহৰ কিছু নিলগত বন্ধুৰ দলটোয়ে ব্যৱহাৰ কৰা এ এছ ০১ বিপি ০৬০৫ নম্বৰৰ বাহনখন বিধস্ত ৰূপত প্ৰত্যক্ষ কৰা গৈছে।













