![]()
পুনৰ এবাৰ দেশক গর্বিত কৰালে নীৰজ চোপ্ৰাই। বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰে তেওঁ। দ্বিতীয় ভাৰতীয় হিচাবে এই প্রতিযোগিতাত পদক জয় কৰে নীৰজে। আমেৰিকাৰ ওৰেগনত দেওবাৰে পুৱা তেওঁ ৮৮.১৩ মিটাৰ জেভলিন দলিয়ায়।
পূৰ্বৰ চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছৰ দূৰত্ব আছিল ৯০.১৪ মিটাৰ। জেভেলিনৰ পুৰুষৰ বিভাগত উক্ত প্রতিযোগিতাত এণ্ডাৰছনেই প্রথম যিয়ে নিজৰ খিতাব অক্ষুণ্ণ ৰাখে। তেওঁৰ এই অবিশ্বাস্য কীর্তি নহ’লে আজি নীৰজেই স্বৰ্ণ জয় কৰাটো এক প্ৰকাৰ খাটাং আছিল। তৃতীয় স্থান অধিকাৰ কৰে টকিঅ অলিম্পিকত ব্রঞ্জজয়ী জাকুব ভাদলেখে।
আজি পুৱাৰ প্রথম থ্রোত ফাউল কৰে নীৰজে। দ্বিতীয় থ্রো বৈধ হ’লেও ৮২.৩৯ মিটাৰহে দলিয়াবলৈ সক্ষম হয়। দেশৰ স্বৰ্ণ পুত্ৰই ইয়াৰ পিছত ৮৬.৩৯ মিটাৰ দলিয়ালেও সেয়া কামত নাহে। কাৰণ ইতিমধ্যেই ভাদলেখে ৮৮.০৯ মিটাৰ আৰু জার্মানিৰ চেম্পিয়ন জুলিয়ান ওয়েবাৰে ৮৬.৮৬ মিটাৰ দলিয়াইছে।
কিন্তু চতুর্থ চেষ্টাত চমৎকাৰ কৰে নীৰজে। তেওঁৰ জেভেলিন গৈ পৰে ৮৮.১৩ মিটাৰত। নীৰজ চোপ্ৰা বৰ্তমান অলিম্পিক চেম্পিয়ন, এচিয়ান গেমছ চেম্পিয়ন, কমনৱেলথ চেম্পিয়ন আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপ বিজয়ী।












