ASSAM TIMES POST, গোলাঘাটঃ সৰুপথাৰৰ বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতি দীপ বৰবৰাৰ আকস্মিক বিয়োগত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিতকুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে৷
জিলা বিজেপিলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত সভাপতিজনে বৰবৰাৰ বিয়োগত দলে এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাক হেৰুওৱা বুলি মন্তব্য কৰে৷ তেষঁ লগতে কয় যে দেশ, জাতি আৰু সমাজৰ বাবে বৰবৰাই কৰা ত্যাগক আগন্তুক দিনত বিজেপিয়ে শ্ৰদ্ধাৰে সোঁৱৰিব৷
ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সমূহ কাৰ্যকৰ্তাৰহৈ জিলা সভাপতি দেৱজিত বৰাই আজি পুৱা বৰবৰাৰ নশ্বৰদেহত দলীয় পতাকা আৰু পুস্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
বিজেপিৰ জ্যেষ্ঠ নেতা অমিয় বৰা, জিলা সমিতিৰ সাধাৰণ সম্পাদক সীমান্ত বৰা, উপসভাপতি জুনু গগৈ, প্ৰনৱ গগৈ, দ্বীপন শ্যাম, সম্পাদক ৰাজীৱ শইকীয়া, মহিলা মৰ্চাৰ সভানেত্ৰী টুটুমনি বৰা প্ৰমুখ্যে নেতৃবৃন্দই বৰবৰাৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ বিয়লি জিলা বিজেপিৰ কাৰ্যালয়ত এক শোকসভা অনুষ্ঠিত হয়৷













