![]()
বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হৈছে কমনৱেল্থ গেমছ ২০২২৷ এইবৰ্ষৰ কমৱেল্থ গেমছত অংশগ্ৰহণ কৰিছে অসমৰ সাতগৰাকী খেলুৱৈয়ে৷
তেওঁলোক হৈছে বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই৷
উল্লেখ্য, ১১ দিনলৈ চলিবলগা এই প্ৰতিযোগিতাত এইবাৰ বিশেষভাৱে চকু থাকিব লাভলীনা, শিৱ থাপা আৰু হিমা দাসৰ ওপৰত।












