![]()
উত্তৰ পূবৰ গৌৰৱ ৰেকৰ্ড সৃষ্টিৰে মীৰাবাঈ চানুৱে লাভ কৰিলে স্বৰ্ণ পদক।বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক।মীৰাবাই একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে।৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক।তেওঁ স্নেচত প্ৰথম প্ৰচেষ্টাত ৮৪ কেজি ডাঙিবলৈ সক্ষম হয়।
ইয়াৰ পিছত তেওঁ ৮৮ কেজি আৰু তৃতীয় প্ৰচেষ্টাত ৯০ কেজি ভাৰ উত্তোলন কৰে।অৱশ্যে ৯০ কেজিৰ প্ৰচেষ্টা ফাউল হয়।অৱশ্যে দ্বিতীয় প্ৰচেষ্টাৰ ৮৮ কেজি ওজন ক্ৰীড়া ইতিহাসৰ এক ৰেকৰ্ড হিচাপে পৰিগণিত হয়।
ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কমনৱেলথ গেমছ ২০২২ ত ৪৯ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছে। বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক। মীৰাবাইএকেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে। তেওঁ টকিঅ’ অলিম্পিকতো পদক জিকিছে।
বাৰ্মিংহামত, ২৭ বছৰীয়া চানুৱে তেওঁৰ অলিম্পিক অভিলেখ উন্নত কৰে। তেওঁ স্নেচত ৮৮ কিলোগ্ৰাম তুলিছিল। খেলুৱৈজনে টকিঅ’ অলিম্পিকত ৮৪ কিলোগ্ৰাম স্নেচত তুলিছিল। ইয়াৰ পিছত, ক্লীন এণ্ড জৰ্কত তেওঁ প্ৰথম প্ৰচেষ্টাত ১০৯ কিলোগ্ৰাম ওজন তুলিছিল।ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে।












