ASSAM TIMES POST,গোলাঘাটঃ অসমৰ ভিন ভিন ঠাইত, গাঁৱে ভূঞে সিঁচৰতি হৈ থকা সুপ্ত প্ৰতিভাবোৰ ৰাইজৰ আগলৈ উলিয়াই অনাৰ লক্ষ্য আগত ৰাখি গোলাঘাটৰ সাংস্কৃতিক অনুষ্ঠান ময়ূৰ কলাকেন্দ্ৰই আয়োজন কৰা ফেশ্বন শ্ব’ প্ৰতিযোগিতা বিগত বৰ্ষৰ দৰে যোৱা ১৪ জুলাইত জিলা পুথিভঁৰালত সম্পন্ন হয়। তিনি দিনৰ প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পূৰ্বে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ সহযোগত তিনিটা শাখাত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত ক শাখাত স্হান লাভ কৰে ক্ৰমে তামান্না দাস গুপ্তা (প্ৰথম ), সমীৰঞ্জন গগৈ (দ্বিতীয়), নিনাদ চাহ (তৃতীয়), নাহিবা মৰিয়ম (উদগণি), খ শাখাত -জুৰিখ কুমাৰ শইকীয়া (প্ৰথম), সীমান্ত গগৈ (দ্বিতীয়), তন্ময় দাস (তৃতীয়), মেঘৰাগিনী বৰা (উদগণি), গ শাখাত-বিজিত সিংহা (প্ৰথম), প্ৰযক্তা কাকতি (দ্বিতীয়), দৰ্শনা বৰা (তৃতীয়), প্ৰসিদ্ধি বৰঠাকুৰ (উদগণি)এ বঁটা লাভ কৰে।

আনহাতে সামাজিক দায়বদ্ধতা, মানৱতা, আত্মীয়তা আদিক সাৰোগত কৰি “আমাৰ ঘৰ” বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰে সৈতে অন্তৰংগ আলাপ আৰু কিছু উপহাৰ বিতৰণৰ আকৰ্ষণীয় অনুষ্ঠানটোৰ পূৰ্বে বন্তি প্ৰজ্বালন কৰে ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ নাথ হাজৰিকাই৷ অনুষ্ঠানত সাংবাদিক, প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, সমাজ সেৱিকা, প্ৰৱক্তা আনমনা গগৈ, মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাস, সাংবাদিক সমীৰণ দিগন্ত বৰা, নিউজ এঙ্কৰ সমুজ্জল দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মিছেছ ইউনিভাৰ্ছ ছিনচিয়েৰ, মিছেছ এছিয়া পেচিফিক ইউনিভাৰ্ছ ৰূপালীম গোস্বামী, মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকণ ২০১৯ ডলী কুৰ্মি, যশপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা ফেশ্বন শ্ব’ প্ৰতিযোগিতাত ময়ূৰ কিডছ গাৰ্লছ শাখাত নিশিতা বৰা, প্ৰথম ৰাণাৰ্চআপ দৃষ্টি শইকীয়া, দ্বিতীয় ৰাণাৰ্চআপ জেনী তামান্না দাস আৰু কিডছ লৰা শাখাত অনুভৱ বৰা ফুকন, আশিস বৰুৱা মিষ্টাৰ ময়ূৰ, মিছ ময়ূৰ শাখাত জয়শ্ৰী বৰা, প্ৰথম ৰাণৰ্চআপ পংকিতা শইকীয়া আৰু দ্বিতীয় ৰাণাৰ্চআপ ঈশানী বৰুৱাক বিজয় ঘোষণা কৰা হয় বুলি ময়ূৰ কলাকেন্দ্ৰৰ সঞ্চালিকা মনিষা হাজৰিকা গগৈয়ে জানিবলৈ দিয়ে।













