ASSAM TIMES POST,গোলাঘাটঃ বৰপথাৰ শাখা সাহিত্য সভাৰ উদ্যোগত ১২ জুলাইৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কবিতাৰ কৰ্মশালাৰ ১৪ জুলাইত সফল সামৰণি পৰে। কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক অমল চন্দ্ৰ দাস আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ববিতা দত্ত। তেওঁলোকৰ অহোপুৰুষাৰ্থত কেইবাগৰাকীও জ্যেষ্ঠ কণিষ্ঠ প্ৰশিক্ষাৰ্থীয়ে থিতাতে কবিতা ৰচনা কৰি আবৃত্তি কৰে। বৰপথাৰ শাখা সাহিত্য সভাৰ এনে পদক্ষেপক ধনশিৰি মহকুমাৰ সাহিত্যপ্ৰেমীসকলে শলাগ লয়।

শেষৰ দিনা সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে গোলাঘাট জিলা সাহিত্য সভাৰ বিষয় ববীয়া উপস্থিত থাকি সভাগৃহৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত ভূঞা, মাতৃভাষা প্ৰচাৰ আৰু প্ৰয়োগ উপসমিতিৰ (অসম সাহিত্য সভা) হেমেন হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰশু তামুলী, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দিলিপ শৰ্মা মুখ্য কৰি বৰপথাৰ অঞ্চলৰ কেইবাগৰাকীও শিক্ষাবিদ প্ৰফুল্ল শৰ্ম্মা, থানুৰাম শইকীয়া, শিক্ষাবিদ তথা সাংবাদিক সোণাৰাম ভৰালী, বৰপথাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, সাহিত্য সভাৰ আজীৱন সদস্য ভূৱন দত্তকে প্ৰমুখ্য কৰি বহুতো সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উক্ত সভাতে বৰপথাৰ শাখা সাহিত্য সভাই প্ৰকৃতিপ্ৰেমী, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা দুগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায়।
তেওলোক হ’ ল ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোলাপ গগৈ, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী। ইয়াৰ উপৰিও মিষ্টাৰ কিড ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্ছ ২০১৯ খিতাপ লাভ কৰা কণমানি শিল্পী নীলাভ বৰা আৰু ২০১৯ বৰ্ষৰ আম্বেদকাৰ বঁটা লাভ কৰা কবি তৰা বৰুৱাকো অভিনন্দন জনায়৷ কবিতাৰ কৰ্মশালাৰ এই সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী প্ৰিয়া শৰ্মা, বৰ্ণিল আকাশ গগৈকে মুখ্য কৰি কেইবাগৰাকীও নবীন-প্ৰবীণ কবিৰ কবিতা আবৃত্তি আৰু কণমানি শিল্পী উজাস্মিতা মনোৰমা তামুলী আৰু বৰ্ণিল হৃদয় শৰ্মাৰ গীত পৰিবেশনে সকলোকে মন্ত্ৰমুগ্ধ কৰে।













