![]()
জ্ঞানবাপী মছজিদ গোচৰৰ বাৰাণসী জিলা আৰু ছেছন আদালতত শুনানিৰ পূৰ্বে মছজিদ অঞ্চলত চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছে। বাৰাণসীৰ কেইবাটাও স্থানত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আনকি জিলাখনৰ সীমান্ত অঞ্চলৰ পৰা হোটেল-গেষ্ট হাউচলৈ অহা-যোৱা কৰাসকলৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে।
ইণ্টাৰনেটত ইয়াৰ বিষয়ে যিকোনো লিখনিৰ ওপৰতো নজৰ ৰাখিছে। উল্লেখ্য, কাশী বিশ্বনাথ মন্দিৰৰ কাষতে অৱস্থিত জ্ঞানবাপী মছজিদৰ ভিতৰত পূজা কৰাৰ অধিকাৰ বিচাৰি পাঁচগৰাকী হিন্দু মহিলাই দাখিল কৰা গোচৰটো সোমবাৰে বিচাৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য, আগষ্ট মাহত ২০২১ত পাঁচগৰাকী হিন্দু মহিলা জ্ঞানবাপীৰ ‘মা শৃংগাৰ গৌৰী’ ( অজুখানা আৰু তেহখানা নামেৰে জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাক পূজা কৰাৰ অনুমতি বিচাৰিছিল বাৰাণসী ছেছন আদালতত।
ইয়াৰ পিছতে ছেছন আদালতৰ ন্যায়াধীশ ৰবিকুমাৰ দিৱাকাৰে নিযুক্ত কৰা কমিটিয়ে মছজিদৰ ভিতৰত জৰীপ আৰু ভিডিঅʼগ্ৰাফীৰ নিৰ্দেশনাসহ পৰ্যবেক্ষণ দল গঠন কৰে। সেই কাম সম্পূৰ্ণ হোৱাৰ পিছত ২০ মেʼত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বাৰাণসী জিলা আদালতক গোচৰটোৰ শুনানিৰ দায়িত্ব দিয়া হৈছিল।
ইয়াৰ পিছতে মছজিদ চৌহদত থকা বাসস্থানত শিৱলিংগৰ উপস্থিতি দাবী কৰি শিৱলিংগৰ বয়স জানিবলৈ ‘কাৰ্বন ডেটিং’ পৰীক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত অনুৰোধ কৰা হয়। কিন্তু উচ্চতম ন্যায়ালয়ে সেই সকলো দাবী নাকচ কৰিলে। বাৰাণসী আদালতৰ নিৰ্দেশ অনুসৰি মছজিদৰ ভিতৰৰ ভিডিঅʼগ্ৰাফী সম্পূৰ্ণ কৰা হৈছে। অৱশ্যে এতিয়াও ৰাজহুৱা হোৱা নাই। আদালতে ভাৰতীয় পুৰাতত্ত্ব জৰীপক মছজিদটোৰ গঠন পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।










