ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

আলোচনাৰ বাবে সন্মতি প্ৰকাশ নগা উগ্ৰপন্থী সংগঠনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 19, 2022
Reading Time: 1 min read
A A
0
আলোচনাৰ বাবে সন্মতি প্ৰকাশ নগা উগ্ৰপন্থী সংগঠনৰ

New Logo Very Smal 2 | ASSAM TIMES POST
চাৰি মাহ ধৰি অনিশ্চয়তাত ওলমি থকাৰ পাছত এন এছ চি এন (আই এম)-এ নগা শান্তি আলোচনা প্ৰক্ৰিয়াক আগুৱাই নিবলৈ সন্মত হৈছে। সোমবাৰে তেওঁলোকৰ এটা প্ৰতিনিধি দল আলোচনাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে।

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

নাগালেণ্ড ইউনাইটেড ডেমোক্ৰেটিক এলায়েন্সৰ অধ্যক্ষ টি আৰ জেলিয়াঙে শনিবাৰে প্ৰাক্তন উগ্ৰপন্থী নেতাসকলৰ সৈতে দুঘণ্টীয়া বৈঠকত এই কথা কয়। তেওঁ কয়, “কেন্দ্ৰই ৰাজ্য চৰকাৰৰ মূল সমিতিক অৱগত কৰিছে যে তেওঁলোকে আলোচনাৰ জৰিয়তে বিষয়টো নিষ্পত্তি কৰিব বিচাৰে। কেন্দ্ৰৰ অনুৰোধত আই এমৰ সৈতে এই বৈঠক অনুষ্ঠিত কৰে।”

মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ মূল সমিতিৰ অধ্যক্ষ, জেলিয়াং উপাধ্যক্ষ। মে’ মাহৰ পৰা যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনটোৱে এন এছ চি এনৰ সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীক কেন্দ্ৰই নাকচ কৰাৰ পিছত আলোচনা স্থগিত ৰাখিছিল। জেলিয়াঙে কয় যে আই এম বৰ্তমানৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ ওচৰত সুখী নহয়।

nscn1 | ASSAM TIMES POST

প্ৰাক্তন মধ্যস্থতাকাৰী এন এন ৰবিয়ে প্ৰস্তুত কৰা ‘ফৰ্মুলেচন পেপাৰʼৰ পৰা তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় বাদ দিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁলোকে অৱশ্যে মিশ্ৰৰ মধ্যস্থতাত আপত্তি নকৰে। কিন্তু ৰবিয়ে প্ৰস্তুত কৰা কাগজখন সন্মুখত ৰাখি আলোচনা কৰা উচিত বুলি জনোৱা হৈছে। শীঘ্ৰেই আলোচনা আৰম্ভ হʼব আৰু আলোচনাৰ জৰিয়তে সকলো নিষ্পত্তি হʼব বুলি আশা কৰিছে মূল সমিতিয়ে। এন এছ চি এন নেতা আৰ এইচ ৰেচিঙেও সাংবাদিকৰ আগত কয় যে তেওঁলোকৰ এটা প্ৰতিনিধি দল আলোচনাৰ বাবে দিল্লীলৈ যাব।

উল্লেখ্য, নাগালেণ্ডত কেন্দ্ৰই একেলগে দুটা আলোচনা প্ৰক্ৰিয়া চলাই আছে। ১৯৯৭ চনৰ পৰা NSCN(IM) ৰ সৈতে কাম কৰি থকা ২০১৭ চনত ৭টা উগ্ৰপন্থী সংগঠনক লৈ নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোট (এনএনপিজি)ৰ সৈতে আৰম্ভ হৈছিল। ২০১৫ চনৰ ৩ আগষ্টত আই এমৰ সৈতে বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হৈছিল। ২০১৭ চনৰ ডিচেম্বৰ মাহত এনএনপিজিত যোগদান কৰে।

Tags: Naga militants agree to talksআলোচনাৰ বাবে সন্মতি প্ৰকাশ নগা উগ্ৰপন্থীৰ
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx