ASSAM TIMES POST,বেবেজীয়াঃ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰে মুখৰিত হ’ল নগাঁৱৰ হাতীচোং অঞ্চল। ২০১৬ চনত জন্মলাভ কৰা নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘হেঁপাহ’ৰ উদ্যোগত ৬ জুলাইৰ পৰা কুজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা দহদিনীয়া গ্ৰীষ্মকালীন লোকনৃত্য কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে৷
বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আয়োজিত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত কৰ্মশালাখনিত অংশ লোৱা প্ৰায় অৰ্ধ-শতাধিক প্ৰশিক্ষাৰ্থীৰ দ্বাৰা বিহু, ৰাভা, হাজং, বড়ো আদিকে ধৰি বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মোহাচন্ন কৰি তোলে। বৰ অসমৰ সংস্কতিৰ পৰিচায়ক বিভিন্ন লোকনৃত্যসমূহক যুৱ প্ৰজন্মৰ চিনাকী কৰাই দিয়াৰ বাবে সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘হেপাঁহে’ গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।













