ASSAM TIMES POST, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ অগ্ৰণী শংকৰ-মাধৱ চিত্ৰ আৰু হস্তকলা বিদ্যালয়ৰ দ্বাদশ বাৰ্ষিক সমাৱৰ্তন সমাৰোহখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটি পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি গণেশ বৰাই। ইয়াৰ পাছতে কেইবাটাও শাখাত ফেন্সী ড্ৰেচ প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। এই কাৰ্যসূচীৰ অন্তত এখনি অসমীয়া সাজ-পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। য’ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি গীতৰ তালে তালে ৰেম্পত খোজ দিয়ে।
সমাৰোহখনিৰ লগত সংগতি ৰাখি এখনি চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনীও অনুষ্ঠিত হয়।আনহাতে, এই ব্যতিক্ৰমী অনু্ষ্ঠানটিত বিশিষ্ট অতিথিৰূপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত বিদ্যালয়খনে চিত্ৰ-ভাস্কৰ্য দিশত আগবঢ়াই অহা প্ৰভুত অৱদানৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাৰ শলাগ লয়।
অনুষ্ঠানত স্থানীয় কেইবাগৰাকীও সাংবাদিক, চিত্ৰশিল্পীৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাংগ ৰাগক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, সমাৱৰ্তন অনুষ্ঠানত বিদ্যালয়খনিৰ ৯ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিপ্লমা প্ৰদান কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে পেৰিছ কাশ্যপে।













