![]()
শুকুৰবাৰে অৰুণাচলৰ আপাৰ চিয়াঙত সংঘটিত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৫ জন সেনা জোৱানৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে। উল্লেখ্য, সেনা সূত্ৰই প্ৰকাশ কৰা মতে, হেলিকপ্টাৰখনত এটা যান্ত্ৰিক বিসংগতি ধৰা পৰিছে। পাহাৰৰ ঘন অৰণ্যত খুন্দা মৰাৰ পূৰ্বে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰোললৈ এনে এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল। এই কথা প্ৰকাশ কৰিছে সেনাৰ সূত্ৰই। সেনাৰ সূত্ৰ অনুসৰি, হেলিকপ্টাৰখনত কেনেধৰণৰ যান্ত্ৰিক বা কাৰিকৰী ত্ৰুটি উদ্ধাৰ হৈছে সেই তদন্তৰ বাবে ‘কোৰ্ট অব এনকোৱাৰি’ গঠন কৰিব পাৰে।
উল্লেখ্য, শুকুৰবাৰে পুৱা প্ৰায় ১১.১৫ বজাত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙৰ মিগিং গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয় ‘ৰুদ্ৰা’ নামৰ উন্নত লাইট হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত পাইলটসহ ৫জন লোক আছিল। দুৰ্ঘটনাৰ কেইঘণ্টামান পিছতে সেনাই প্ৰথমে দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। সেনাৰ সূত্ৰ অনুসৰি, নিশাৰ ভাগত উদ্ধাৰ কৰা হৈছে আৰু দুটা মৃতদেহ। বাকীকেইজনৰ মৃতদেহ আজি উদ্ধাৰ হয়।

সেনাৰ সূত্ৰ অনুসৰি, হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত বতৰ পৰিষ্কাৰ আছিল। কেৱল সেয়াই নহয়, পাইলটৰ ৬০০ ঘণ্টা ‘ধ্ৰুৱ’ হেলিকপ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। লগতে তেওঁৰ মুঠ ১৮০০ ঘণ্টা হেলিকপ্টাৰ উৰণৰ অভিজ্ঞতাও আছিল। কিন্তু তাৰ পিছতো হেলিকপ্টাৰখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হʼল সেই সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।
২০১৫ চনত ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল ‘ৰুদ্ৰা’ হেলিকপ্টাৰখন। ই এখন ‘এটেক’ হেলিকপ্টাৰ। এই হেলিকপ্টাৰত আছে RWS-300 ৰাডাৰ ৱাৰ্নিং চেন্সৰ, MAW-300 মিছাইল এপ্ৰোচ ৱাৰ্নিং চেন্সৰ আৰু LWS-310 লেজাৰ ৱাৰ্নিং চেন্সৰ। তদুপৰি, এই হেলিকপ্টাৰখনত ৮টা হেলেনা এণ্টি টেংক মিছাইল, চাৰিটা শ্বৰ্ট-ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল আছে।













