ASSAM TIMES POST,ডিফুঃ আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত বাছৰ ভিতৰতে ৰহস্যজনকভাৱে এজন বাছ চালকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ডিফুৰ পৰা বৈঠালাংছ’ লৈ যোৱা সুমিত্ৰা নামৰ AS 01 KC 3471 ট্ৰেভেলাৰ বাছখন বৈঠালাংছৰ পৰা ঘূৰি আহি ডিফু লিছা কাউণ্টাৰৰ সম্মূখৰ ৰাস্তাৰ কাষত গাড়ীখন ৰখাই চালক আৰু হেণ্ডিমেনে নিশাৰ আহাৰ গ্ৰহণ কৰি চালক গাড়ীৰ সম্মূখৰ চালকৰ আসনত দৰ্জাৰ পিনে পোনাই শুই পৰে আৰু হেণ্ডিমেন পিছফালৰ আসনত শুই পৰে ৷
পুৱা দেৰিলৈকে চালকজন শুই থকা দেখি তেওঁক জগাবলৈ গৈহে তেওঁৰ মৃত্যু হৈছে বুলি হেণ্ডিমেনে গম পায়৷ ইয়াৰ পিছতে চাৰিও ফালে হুৱা- দুৱা লাগে৷ পিছত পশ্চিম কাৰবি আংলঙৰ খেৰণিৰ পৰা মৃত চালকজনৰ পৰিয়ালৰ লোক আহি চালকজন খেৰণিৰ মৃত হেমাৰী টেৰণৰ পুত্ৰ বিনোদ টেৰণ (৩৪) বুলি চিনাক্ত কৰে৷ মৃত্যুৰ সময়ত টেৰণে পত্নী সহ দুটি সন্তান আৰু আত্মীয় স্বজন এই সংসাৰত এৰি থৈ গৈছে৷ ইয়াৰ পূৰ্বে ডিফুৰ দণ্ডাধীশ উপাসনা দত্তই মৃত চালক জনৰ চুৰতহাল কৰে৷
পিছত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ আনহাতে চালকজনৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মৃতকৰ পত্নীক চালক সন্থাৰ তৰফৰ সামান্য সাহায্য প্ৰদান কৰে৷ চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে মটৰ শ্ৰমিক আৰু চালক সকলৰ নুন্যতম সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে সামাজিক কল্যাণ নিধিৰ আঁচনিৰে উপকৃত কৰিব লাগে বুলি চৰকাৰ তথা পৰিষদলৈ দাবী জনায় ৷