![]()
সমগ্ৰ দেশৰ লগতে আজি বোকাখাততো Bokakhat ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস National Press Day উদযাপন কৰা হয়। বোকাখাত মহকুমা প্রশাসন আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, বোকাখাতৰ উদ্যোগত আৰু বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইলেক্ট্রনিকচ মিডিয়া জাৰ্ণেলিষ্ট এচ’চিয়েচন, বোকাখাত আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সহযোগত বোকাখাত পুৱতি সাহিত্য সভা প্ৰেক্ষাগৃহত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিবস, ২০২২ উদযাপন কৰা হয়।

এই উপলক্ষে পুৱা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদবে। অনুষ্ঠানৰ আঁত ধৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই। সভাৰ আৰম্ভণিতে প্ৰয়াত জ্ঞাত অজ্ঞাত সংবাদকৰ্মী সকলৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰা হয়।
সভাৰ সভাপতিত্ব কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সভাৰ আদৰণি ভাষণ আগবঢ়ায় মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায়ে। অনুষ্ঠানত উপস্থিত থকা বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা বোকাখাতৰ সাংবাদিকসকলক উদ্যোক্তাৰ তৰফৰ পৰা একোটিকৈ প্ৰীতি উপহাৰ প্ৰদান কৰা হয়।
সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে প্ৰবীণ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱেশ শইকীয়া আৰু বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক তথা দা আসাম ট্ৰিবিউন কাকতৰ বোকাখাতৰ প্ৰাক্তন সংবাদসেৱী ড° জয়ন্ত দাস।
সভাত প্ৰবীণ সাংবাদিক ভৱেশ শইকীয়াই ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক এলানি বক্তব্য ৰাখি সংবাদকৰ্মী সকলক নিজ আদৰ্শ অটুট ৰাখি সত্য নিষ্ঠ বাতৰি পৰিৱেশনৰ প্ৰতি আহ্বান জনায়।
একে শীৰ্ষক বিষয়ত ড° জয়ন্ত দাসে আগবঢ়োৱা এলানি বক্তব্যত কয় যে চৰকাৰ আহিব যাব; সংবাদ মাধ্যমৰ ধৰ্ম অনুযায়ীয়েই সংবাদ কৰ্মীসকলো যিমান দূৰলৈ পাৰি কেৱল জনগণৰ স’তে অঙ্গাঙ্গীভাৱে জড়িত হৈ থাকিবই লাগিব, জ্ঞান আৰু অন্তৰাত্মাৰ মুখামুখি হৈ তথ্যৰ পুনৰীক্ষণ কৰিবই লাগিব আৰু সৰ্বোপৰি, সত্যৰ পক্ষ ল’বই লাগিব, লাগিলে সত্যৰ বাবে নিৰপেক্ষতাকো জলাঞ্জলি দিব লগাই বা নহওক কিয়!

ৰাষ্ট্ৰ নিৰ্মাণত সংবাদকৰ্মী সকলে পালন কৰি অহা ভূমিকা আৰু শক্তিশালী আৰু সচেতন ভাৱেৰে পালন কৰক।সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, ইলেক্ট্রনিকচ মিডিয়া জানেলিষ্ট এচ’চিয়েচন, বোকাখাতৰ সভাপতি প্ৰদীপ বৰাই।
অনুষ্ঠানত বোকাখাতৰ স্থানীয় সংবাদকৰ্মী সকলৰ লগতে বোকাখাত মহকুমা প্ৰশাসন, মহকুমা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু স্থানীয় ৰ’জ ইংলিছ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকল। উল্লেখ্য যে সভাত উপস্থিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকললৈ বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা প্ৰীতি উপহাৰ প্ৰদান কৰা হয়।
সত্য নিষ্ঠ বাতৰি পৰিৱেশনৰ বাবে সাংবাদিকৰ প্ৰয়োজনীয় গুণ সমূহ আহৰণ আৰু সাংবাদিকৰ ব্যক্তিত্ব বিকাশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় সভাপতি জিতু শৰ্মা ৰাজখোৱাই সভাপতিৰ মন্তব্যত। লগতে সভাপতি গৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অভিনন্দন জ্ঞাপন কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় উত্তম শইকীয়াই।













