![]()
ডিচেম্বৰৰ আৰম্ভণিতে ‘ডিজনি হটষ্টাৰ’ প্লেটফৰ্মত মুক্তি পাবলগীয়া ৱেব ছিৰিজ ‘মুভিং ইন উইথ মালাইকা’ (Moving in with Malaika)। অভিনেত্ৰী মালাইকা অৰোৰা (Malaika Arora)ৰ ঘৰত শ্বুটিং (Shooting at home) কৰা হʼব এই ৱেব ছিৰিজ (Web Series)। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীৰ ঘৰৰ কিছু আভাস পোহৰলৈ আহিছে।

মালাইকা আৰোৰাই মুম্বাইৰ বান্দ্ৰাৰ বিলাসী অঞ্চলত এটা ফ্লেট কিনিছিল। আৰবাজ খানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত এই ফ্লেটত পৃথকে থাকে অভিনেত্ৰীগৰাকী।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মালাইকাই এই ফ্লেটটো ক্ৰয় কৰিবলৈ চাৰে ১৪ কোটি টকা খৰচ কৰিছে। সূত্ৰ অনুসৰি, মালাইকাৰ বিলাসী ফ্লেটটোত আছে ৪টা বিশাল শোৱনি কোঠা।

এই ফ্লেটত পুত্ৰ অৰহানৰ সৈতে মালাইকাই থাকে। অভিনেত্ৰীগৰাকীৰ অহৰহ সংগী হৈছে তেওঁৰ পোহনীয়া কুকুৰ ‘কেছপাৰ’।

মালাইকাই ফ্লেটটোৰ প্ৰতিটো কোঠাৰ বেৰৰ বাবে পাতল ৰং বাছি লৈছিল। ফ্লেটটোৰ প্ৰতিটো শোৱনি কোঠাই সূৰ্য্য উদয়ৰ পৰা সূৰ্য্যৰ পোহৰ পায়।

ড্ৰয়িং ৰূমৰ পৰা বেডৰুমলৈকে সকলো কোঠাৰ খিৰিকীবোৰে মজিয়াখন চিলিংলৈকে স্পৰ্শ কৰে। বহা কোঠাটোও যথেষ্ট সৰু। বগা মাৰ্বলৰ মজিয়াত বগা চোফা। স্ক্ৰীণৰ ৰঙো বগা। ডাইনিং টেবুলখনো আকাৰত ডাঙৰ নহয়। তাত ৬-৭ জন লোকে একেলগে খাব পাৰে।
ঘৰৰ আচবাব প্ৰায় নাই। কোঠাটোৰ চাৰিওফালে টেবুল লেম্প। এই লেম্পবোৰে কোঠাটোৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।

আচবাবেৰে ভৰি নাথাকিলেও কোঠাটো অধিক ধুনীয়া কৰি তুলিবলৈ মালাইকাই বিভিন্ন ধৰণৰ লাইটিং স্থাপন কৰিছে।পাকঘৰত মডিউলাৰ কিচেনৰ ব্যৱস্থা আছে। মালাইকাৰ পাকঘৰটোও সু-সংগঠিত। অৱশ্যে ফ্লেটটোৰ বেলকনিখনেই আটাইতকৈ বেছি লক্ষ্যণীয় । সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মালাইকাই নিজৰ ইচ্ছা অনুযায়ী বেলকনি সজাইছে। ইয়াত অভিনেত্ৰীগৰাকীয়ে বেছিভাগ সময় পুত্ৰৰ সৈতে কটায়।













