![]()
ভাৰতীয় মহিলাসকলে (Indian women) কিয় ঘাগ্ৰা-চোলি (Ghagra-Choli) বা শাড়ী (Saree)ৰ দৰে পৰম্পৰাগত সাজ-পোছাক (dress)ৰ পৰিৱৰ্তে বিয়া (marriage)ৰ বাবে পশ্চিমীয়া সাজ-পোছাক (Western dress) বা গাউন পিন্ধে (Wears a gown)? ভাৰতীয় ছবি জগতৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে (Actress Asha Parekh) এই প্ৰশ্ন উত্থাপন কৰে। আশাৰ মতে, ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতি (India’s Heritage and Culture)ৰ বাবে এয়া “অতি দুখজনক” (Very sad)। তেওঁৰ প্ৰশ্ন হʼল, এগৰাকী মহিলাই মোটা বা মেদবহুল হোৱাৰ পিছতো কেনেকৈ সেই পশ্চিমীয়া সাজ-পোছাক পিন্ধিব পাৰে? গোৱা (GOA)ত ভাৰতৰ ৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (International Film Festival)ৰ এক সমাবেশত ভাষণ দি এইদৰে কয় আশাই।
আশাই কয়, “সকলো সলনি হৈছে। পাশ্চাত্য সভ্যতাৰ প্ৰতি আমি কিয় ইমান মোহিত হৈ আছো নাজানো! গাউন পিন্ধি বিয়ালৈ আহিছে মহিলাসকল। আমাৰ ওচৰত ঘাগ্ৰা-চোলি, ছেলৱাৰ-কামিজ আৰু শাৰী আদি পৰম্পৰাগত সাজ-পোছাক আছে। সেইবোৰ পিন্ধক।”

তেওঁ লগতে কয়, “মহিলাসকলে ভাৰতীয় কাপোৰ কিয় নিপিন্ধে?” কেৱল আজিৰ নায়িকাসকলে ইয়াক পিন্ধাৰ বাবে? অভিনেত্ৰীসকলে পৰ্দাত যি পিন্ধে, সেইটোৱেই আজিৰ ছোৱালীয়ে পিন্ধিব বিচাৰে। সেই ছোৱালীজনী মেদবহুল হʼলেও সেই পোছাক পিন্ধিবলৈ তেওঁৰ মন যায়। সকলো বস্তুৰে পশ্চিমীয়াকৰণে মোক আমনি কৰে। আমাৰ ইমান ভাল সংস্কৃতি, নৃত্য আৰু সংগীত আছে যিয়ে পপ সংস্কৃতিক পৰাস্ত কৰে।”
আশাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বহু বছৰ পূৰ্বে কৰা এক জল্পনাৰ বিষয়েও কয়। আশা তেতিয়া বহু ছবিত অভিনয় কৰি আছিল। উৰাবাতৰি বিয়পি পৰে, তাই অভিনেতা দিলীপ কুমাৰক ভাল নাপায়। আৰু সেইবাবেই তেওঁ দিলীপৰ সৈতে কোনো চিনেমাতে অভিনয় নকৰে। সেই জল্পনা-কল্পনাৰ অন্ত পেলাই আশাই কয়, “দিলীপ কুমাৰক ভাল নাপাওঁ বাবেই দিলীপ কুমাৰৰ লগত কাম কৰা নাই বুলি কিছুমান সংবাদ মাধ্যমত ওলাইছিল। মই তেওঁক ভাল পাইছিলোঁ আৰু তেওঁৰ লগত কাম কৰিবলৈ সদায় ইচ্ছুক আছিলো। তেওঁ আৰু মই একেলগে ‘জবৰদস্ত’ নামৰ এখন চিনেমাত অভিনয় কৰাৰ কথা আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ছবিখন নহʼল।”













