![]()
বলীউড (Bollywood)ৰ জনপ্ৰিয় কণ্ঠশিল্পী (Singer) তথা যুৱপ্ৰজন্মৰ মাজত অতিকৈ সমাদৃত জুবিন নৌটিয়াল (Zubin Nautiyal) ভয়ংকৰ দুৰ্ঘটনা (Accident)ত পতিত হয়। বৃহস্পতিবাৰে পুৱা অট্টালিকাৰ পৰা নামি অহা সময়তে এই ঘটনা সংঘটিত হয় আৰু তাৰ পিছতে তেওঁক মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কণ্ঠশিল্পী গৰাকীয়ে মূৰত আঘাত লাভ কৰাৰ লগতে কঁকাল আৰু কিছু হাড় ভাঙি গৈছে।

উল্লেখ্য যে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে জুবিনৰ সোঁহাতত অস্ত্ৰোপচাৰ কৰা হ’ব। চিকিৎসকে তেওঁক সোঁহাত ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।বিভিন্নটা সুন্দৰ গীত উপহাৰ দিয়া জুবিন নৌটিয়ালৰ শেহতীয়া মুক্তিপ্ৰাপ্ত গীতটি আছিল ‘তু ছামনে আয়ে’।













