![]()
ত্ৰিপুৰা (Tripura)ৰ বেজীমৰা গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ড এলেকাত ১ কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰসহ (Brown Sugar) গ্ৰেপ্তাৰ ২ যুৱক । আৰক্ষীয়ে জনোৱা মতে, ইদ্ৰিছ মিয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছখিনি। অভিযুক্তৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আনহাতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰুবেল হোছেইন আৰু নুৰুল আমিন নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ উপৰি আৰু বহুতো ডাঙৰ ডাঙৰ ড্ৰাগছৰ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিব পাৰে বুলি নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে।আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা দুয়োজনকে জেৰাৰ পিছত আৰু বহু লোক আৰক্ষীৰ জালত পৰিব পাৰে।
ইয়াৰ উপৰি গোপন তথ্যৰ ভিত্তিত মেলাঘৰ থানা অঞ্চলৰ পৰা ৭২ টা ইয়াবা টেবলেট আৰু ১২০ টা ব্ৰাউন চুগাৰৰ বাকচ আৰু ১১ হাজাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, ৰাজ্যখনক ড্ৰাগছমুক্ত ত্ৰিপুৰা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই অভিযান অব্যাহত আছে।













