ASSAM TIMES POST,তামুলপুৰঃবাক্সাৰ জিলাৰ মুছলপুৰত বানৰ কবলত পৰি এজন লোকৰ মৃত্যু হয় আৰু লোকজনৰ মৃতদেহ নদীত উদ্ধাৰ হয়। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুটিত যোৱা ১৪ জুলাইৰ নিশা এই মৃতদেহটো উদ্ধাৰ হয় ৷ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভূটানখুঁটিৰ গঙৰ নদীত উদ্ধাৰ হয় বাবুৰাম কটোৱালৰ মৃতদেহ ( ৫০) ৷ লোকজনৰ ঘৰ ভূটানখুটি শিমলাবস্তীত ৷ যোৱা দেওবাৰে নদী পাৰ হৈ পথাৰলৈ গৰু আনিবলৈ গৈছিল লোকজনে৷ পাছত পৰিয়াল আৰু স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি নিজ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত নদীত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে তেওঁক উটুৱাই নিয়াাৰ ফলতে লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে ৰাইজে। লগে লগে দেওবাৰৰ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে।













