ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত নাট্য মন্দিৰত যোৱা ১৩ জুলাই তাৰিখে সমাপ্তি ঘটে দেৰগাঁও আৰু বোকাখাত নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰৰ সহযোগত আয়োজন কৰা ’এজাক জোনাকীৰ জিলমিল’ শীৰ্ষক সাংস্কৃতিক সন্ধ্যাৰ। সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে কবি, গল্পকাৰ, অভিনেতা, পৰিচালক অমৰ শৰ্মাই৷ পুৱাৰ ভাগত নৃত্যাঞ্জলিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী ৰিজু হাজৰিকাই, বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম সাংবাদিক সন্থাৰ সভাপতি, বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মা ৰাজখোৱাই , নৃত্য আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা উদ্বোধন কৰে কবি, গল্পকাৰ মনালিছা শইকীয়াই। এই সন্মানীয় মঞ্চত দেৰগাঁৱৰ লোকশিল্পী বীৰেন্দ্ৰে কুমাৰ বৰা আৰু বোকাখাতৰ লোকশিল্পী কলাই দত্ত ওজাক জীৱনজোৰা সাধনা সন্মান-২০১৯ প্ৰদান কৰা হয়। লগতে নৃত্যাঞ্জলিত নৃত্য আৰু নাট্য শিকি থকা সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সাত গৰাকী ছাত্ৰীক অভিনন্দন জনোৱা হয়। দৰ্শকেৰে পূৰ্ণ প্ৰেক্ষাগৃহটোত ছাত্র-ছাত্ৰী সকলৰ নৃত্যানুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে। সৃষ্টিশীল নৃত্যৰ ’ক’ শাখাৰ প্রথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে মেঘৰঞ্জনী নাথ, ভৈৰব ৰিংকু বৰা আৰু সুব্ৰত হাজৰিকাই। সৃষ্টিশীল নৃত্য ’খ’ শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে ঋতুৰাজ হাজৰিকা, স্নেহা প্ৰিয়দৰ্শনী আৰু মিনাৰ্ভ ৰুবুল দলে। ছোৱালীৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ৷ শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে আস্থাপ্ৰিয়া তামূলী, চমিয়া তাস্কিন, সন্ধ্যাতৰা বৰুৱাই। ’ক’ শাখাৰ শ্ৰেষ্ঠ হাঁহি খিতাপ বিজয়ী আইনা বৰা আৰু শ্ৰেষ্ঠ খোজ খিতাপ বিজয়ী হাথৰখি স্বৰ্গীয়াৰি আৰু ’খ’ শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় ক্ৰমে পূৰ্ণিমা শ্ৰী সিংহ, প্ৰাচী নেওগ আৰু দিয়া ছেত্ৰি। খ শাখাৰ শ্ৰেষ্ঠ খোজ প্ৰীতি নাথ আৰু শ্ৰেষ্ঠ ফটোজেনিক স্নেহা প্ৰিয়দৰশ্বিনী। ল’ৰাৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ ’ক’ শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় ক্ৰমে ধীৰাজ কুমাৰ দাও, সুব্ৰত হাজৰিকা, অনুভৱ ভূঞা। ’ক’ শাখাৰ শ্ৰেষ্ঠ ফটোজেনিক কুনাল নাথ, শ্ৰেষ্ঠ হাঁহি ভাৰ্গব ৰিংকু বৰা।’খ’ শাখাৰ প্রথম, দ্বিতীয়, তৃতীয় ক্ৰমে ঋতুৰাজ হাজৰিকা, ভৈৰব ৰিংকু বৰা, মিনাৰ্ভ ৰুবুল দলে। ’খ’ শাখাৰ শ্ৰেষ্ঠ খোজ মানস প্ৰতিম ঠাকুৰীয়ালৈ প্ৰদান কৰা হয় ।













