![]()
অসম সাহিত্য সভা (Assam Sahitya Sabha)ৰ পৰৱৰ্তী সভাপতি (Next President)ৰ আসন অলংকৃত কৰিব ডঃ সূৰ্য কুমাৰ হাজৰিকা (Dr. Surya Kumar Hazarika)ই। শনিবাৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনাৰ অন্তত পৰৱৰ্তী সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। উল্লেখ্য, নলবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত অনুষ্ঠিত হৈছিল ভোট গণনা।

আনহাতে, অসম সাহিত্য সভাৰ পৰৱৰ্তী উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে গিৰীশ সন্দিকৈ। লগতে প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উপেন্দ্ৰজিত শৰ্মা। অসম সাহিত্য সভাৰ আগন্তুক নাৰায়ণপুৰ অধিবেশনত নতুন কাৰ্যনিৰ্বাহকে দায়িত্ব গ্ৰহণ কৰিব।













