![]()
গুজৰাটত Gujrat সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক প্ৰহাৰ আৰু হত্যাৰ গোচৰত গুজৰাট আৰক্ষীয়ে Police ৭ জন লোকক গ্ৰেপ্তাৰ কৰে। কন্যাুৰ আপত্তিজনক মুহূৰ্তৰ ভিডিঅ’ ইণ্টাৰনেট Internet ত প্ৰচাৰিত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মেলজিভাই বাঘেলা নামৰ সেনা জোৱানজনে। ইয়াৰ বাবেই তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত লোকজন গুজৰাটৰ চাক্লাছি গাঁৱৰ বি এছ এফ জোৱান। ছুটীত ঘৰলৈ আহিছিল।

সেনাবাহিনীৰ লোকজনে ছোৱালীজনীৰ সহপাঠী এজনৰ ঘৰলৈ গৈ ছোৱালীজনীৰ এই আপত্তিজনক ভিডিঅʼটো অনলাইনযোগে পোষ্ট কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছত ১৫ বছৰীয়া লʼৰাটোৰ পৰিয়ালৰ লোকৰ লগত কাজিয়া আৰম্ভ কৰে। অভিযোগ অনুসৰি, লʼৰাটো আৰু পৰিয়ালৰ লোকে ঘেৰাও কৰি বিএছএফৰ জোৱানজনক প্ৰহাৰ কৰি হত্যা কৰে। এই হত্যাকাণ্ডত আৰক্ষীয়ে স্বতঃস্ফূৰ্তভাৱে গোচৰ তৰে। ইয়াৰ পিছত মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, কিশোৰগৰাকীয়ে জোৱানজনৰ কন্যাৰ সৈতে একেখন বিদ্যালয়তে অধ্যয়ন কৰি আছিল। দুয়োৰে মাজত এক সম্পৰ্ক গঢ় লৈ উঠে। অভিযোগ অনুসৰি, কিশোৰগৰাকীয়ে অনলাইনত ছোৱালীজনীৰ আপত্তিজনক ভিডিঅ’ পোষ্ট কৰিছিল। ইয়াৰ পিছতে যোৱা শনিবাৰে নিশা কিশোৰীৰ পিতৃ-মাতৃ, দুই পুত্ৰ আৰু ভতিজাৰ সৈতে কিশোৰৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছত এই হত্যাকাণ্ড সংঘটিত হয়।










