ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

১৯৯২-২০২৩ : তিনি দশকত ২৭ বিমান দুৰ্ঘটনা নেপালত

নিউজ ডেস্কঃ

News Desk by News Desk
January 16, 2023
Reading Time: 1 min read
A A
0
১৯৯২-২০২৩ : তিনি দশকত ২৭ বিমান দুৰ্ঘটনা নেপালত

RELATED POSTS

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

১৫ জানুৱাৰী, ২০২৩। দেওবাৰে পুৱা ১১ বজাৰ দৃশ্য। কাঠমাণ্ডুৰ পৰা পোখাৰালৈ ৰাওনা হয় য়েটি এয়াৰলাইন্সৰ (Yati Airlines) বিমান। পোখাৰা বিমানবন্দৰত অৱতৰণ কৰিবলৈ মাত্ৰ কিছু মুহূৰ্ত। বাটতে হঠাৎ ভাঙি পৰে ৭২ জনীয়া যাত্ৰীবাহী বিমানখন। দুৰ্ঘটনাগ্ৰস্ত (Crashed) হোৱাৰ লগে লগে বিমানখনত জুই লাগে।

নেপাল
Plane Crashed:

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, য়েটি এয়াৰলাইন্সৰ বিমানখনত ৪ জন ক্ৰু মেম্বাৰ আৰু ৬৮ জন যাত্ৰী আছিল। ইয়াৰে ৫ জন ভাৰতীয়, ৫৩ জন নেপালী আৰু ৪ জন ৰাছিয়ান নাগৰিক, ২ জন কোৰিয়ান, ১ জনকৈ আৰ্জেণ্টিনা, ফ্ৰান্স আৰু আয়াৰলেণ্ডৰ ।

এই ভয়ংকৰ দুৰ্ঘটনাত নেপালকে ধৰি সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰে। লগে লগে নেপালী মানুহৰ মনত ভাহি উঠে পুৰণি স্মৃতি। য়েটি এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাই সেই বেদনাদায়ক স্মৃতিবোৰ ঘূৰাই আনিলে। নেপালৰ দূৰত্ব, বেয়া বতৰ, নতুন বিমানৰ বাবে বিনিয়োগৰ অভাৱ আৰু কাৰ্যক্ষম বিমানৰ আন্তঃগাঁথনিৰ প্ৰতি উপযুক্ত মনোযোগৰ অভাৱৰ বাবে নেপালত বিমান দুৰ্ঘটনাৰ প্ৰাদুৰ্ভাৱ অধিক হোৱাত অৰিহণা যোগাইছে। বিমান সুৰক্ষা বিভাগৰ পৰা উপলব্ধ তথ্য অনুসৰি, বিগত ৩ দশকত (In 3 decades) নেপালত ২৭টা বিমান দুৰ্ঘটনা (27 plane crashes in Nepal) সংঘটিত হৈছে।

২০১৩ চনত ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন) আকাশমাৰ্গত নেপালী বিমান অৱতৰণ কৰাত বাধা দিবলৈ ইউৰোপীয় ইউনিয়নে নেপালৰ সকলো বিমানত নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০২২ চনৰ মাৰ্চ মাহত ইউৰোপীয় ইউনিয়নক নেপাল চৰকাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ কয় যদিও ইউৰোপীয় ইউনিয়নে এই অনুৰোধ নাকচ কৰি নেপালৰ বিমানক ব্লেকলিষ্টত স্থান দিছিল।

১৯৬৯ চনৰ জুলাই মাহ। নেপালৰ চিনাৰা বিমানবন্দৰলৈ ৰাওনা হৈছিল ৰয়েল নেপাল এয়াৰলাইন্সৰ এখন বিমান। বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন। এই ঘটনাত ৩১ জন যাত্ৰী আৰু ৪ জন ক্ৰু সদস্যৰ মৃত্যু হয়।

১৯৯২ চনৰ জুলাই মাহৰ কাণ্ড। ধাৰাসাৰ বৰষুণত উৰা মাৰিলে থাই এয়াৰৱেজৰ এয়াৰবাছ ৩১০ বিমান। ১৪ জন ক্ৰু মেম্বাৰ আৰু ৯৯ জন যাত্ৰী লৈ কাঠমাণ্ডুলৈ গৈ আছিল বিমানখন।

কাঠমাণ্ডুৰ পৰা ৩৭ কিলোমিটাৰ দূৰৈৰ পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰবাছ ৩১০। এই ঘটনাত আটাইকেইজন যাত্ৰী আৰু ক্ৰুৱে প্ৰাণ হেৰুৱায়। পিছত তদন্তত বিমানখনৰ উইঙত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা যায়। বিমানখনৰ পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰে যদিও বেয়া বতৰৰ বাবে বাৰে বাৰে যোগাযোগ হেৰাই যায়। শেষত এই দুৰ্ঘটনাত ১১৩ জন লোকৰ মৃত্যু হয়।

একে বছৰৰ ছেপ্টেম্বৰ মাহত হোৱা পৰিঘটনা। পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ এখন বিমান কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ ৰাওনা হয়।

পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ বিমানখন কাঠমাণ্ডু বিমানবন্দৰৰ পৰা ১১ কিলোমিটাৰ দূৰত্বত আছিল। সেই সময়তে পাহাৰৰ ওপৰত ভাঙি পৰে। স্থানীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, এই দুৰ্ঘটনাত মুঠ ১৬৭ জন লোকৰ মৃত্যু হয়।

জুলাই ১৯৯৩ চন। এভাৰেষ্ট এয়াৰলাইন্সৰ এখন ডৰ্নিয়াৰ বিমান নেপাললৈ উৰা মাৰে। কিন্তু বিমানখনে বিমানবন্দৰত অৱতৰণ কৰাৰ সুযোগ নাপালে। বিমানবন্দৰ পোৱাৰ পূৰ্বেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

নেপালৰ সমীপৰ এখন পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ডৰ্নিয়াৰ বিমানখন। বিমানখনত ৩ গৰাকী বিমান পৰিচাৰিকাকে ধৰি ১৬ জন যাত্ৰী উপস্থিত আছিল। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাত ১৯ জন লোকৰ মৃত্যু হয়।

১৯৯৩ চনৰ পিছত ৭ বছৰে নেপালত কোনো ডাঙৰ বিমান দুৰ্ঘটনা হোৱা নাছিল। ২০০০ চনৰ জুলাই মাহৰ এটা কাণ্ডই পুৰণি ঘা পুনৰ জগাই তোলে। ৰয়েল নেপাল এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত এখন টুইন অটাৰ বিমান নেপাললৈ উৰা মাৰিছিল।

নেপালৰ ধনঘাদী বিমানবন্দৰ পোৱাৰ পূৰ্বে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাত ৩ জন ক্ৰু আৰু ২২ জন যাত্ৰীৰ মৃত্যু হয়।

১২ নৱেম্বৰ, ২০০১। সেইদিনা নেপালৰ ৰাজপৰিয়ালৰ ইতিহাসত এটা কৰুণ অধ্যায় লিখা হৈছিল। নেপালৰ ৰাজকুমাৰী প্ৰেক্ষা শ্বাহৰ মৃত্যুত শোকৰ ছাঁই নেপালৰ জনসাধাৰণক আগুৰি ধৰে।

হেলিকপ্টাৰেৰে নেপাললৈ গৈ আছিল প্ৰেক্ষা শ্বাহ। পশ্চিম নেপালৰ ৰাৰা হ্ৰদৰ সমীপত হেলিকপ্টাৰখন ভাঙি যায়।
এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ ভিতৰত ৬ জন লোকৰ মৃত্যু হয়। পিছত ৰাজকুমাৰীৰ মৃতদেহটো বিলৰ পৰা উদ্ধাৰ কৰা হয় বুলি স্থানীয় সংবাদ সংস্থাৰ সূত্ৰই দাবী কৰে।

২০০৬ চনৰ জুন মাহত এখন য়েটি বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনৰ ৬ জন যাত্ৰী আৰু ক্ৰুৰ মৃত্যু হয়।

২০০৬ চনৰ ছেপ্টেম্বৰ মাহৰ কাণ্ড। ‘ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ’ সংগঠনৰ হৈ এক অভিযানত নামিছিল শ্ৰী এয়াৰ হেলিকপ্টাৰ। সেই উপলক্ষে নেপালৰ তাপালজং জিলাত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাৰ পৰা হেলিকপ্টাৰখনে পূব নেপালৰ ঘুনছা অঞ্চললৈ উৰা মাৰে।

কিন্তু গন্তব্য স্থান পোৱাৰ পূৰ্বে শ্ৰী এয়াৰ হেলিকপ্টাৰখন দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনাত যাত্ৰী আৰু ক্ৰুকে ধৰি মুঠ ২৪ জন লোকৰ মৃত্যু হয়। তদন্তত প্ৰকাশ পাইছে যে বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

২০১১ চনৰ ছেপ্টেম্বৰ মাহৰ কাণ্ড। ঘৰলৈ যোৱাৰ পথত মাউণ্ট এভাৰেষ্ট এৰিলে পৰ্যটক। বুদ্ধ এয়াৰৰ বিচক্ৰাফ্ট ১৯০০ডি বিমানেৰে নেপাললৈ উভতি আহিছিল। কিন্তু দুৰ্ঘটনাটো সংঘটিত হয় আকাশৰ মাজতে।

ধাৰাসাৰ বৰষুণৰ বাবে আকাশখন প্ৰচণ্ড ডাৱৰে আৱৰি ধৰিছিল, যিটো বিমান যাত্ৰাৰ বাবে বৰ অনুকূল পৰিস্থিতি নাছিল। গতিকে বেয়া বতৰৰ বাবে এখন পাহাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত ১৯ জন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ১৯ জন যাত্ৰীৰ ভিতৰত ১০ জন ভাৰতীয়।

২০১২ চনৰ মে’ মাহৰ কাণ্ড। পোখাৰা বিমানবন্দৰৰ পৰা উৰা মাৰি জামছাম বিমানবন্দৰৰ দিশে গৈ আছিল ডৰ্নিয়াৰ এখন বিমান। বিমানখনত ২১ জন যাত্ৰী আছিল। নেপালৰ উত্তৰ প্ৰান্তৰ অধিক উচ্চতাত থকা বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা চলাইছিল বিমানখনে। কিন্তু অৱতৰণৰ সময়ত দুৰ্ঘটনাৰ সন্মুখীন হʼবলগীয়া হয়।

ডৰ্নিয়াৰ বিমানখন পাহাৰৰ শিখৰত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ১৫ জনৰ ভিতৰত ১৩ জন ভাৰতীয় আৰু আটাইকেইজন তীৰ্থযাত্ৰী।

২০১৫ চনৰ মে’ মাহ। সেই সময়ত নেপাল ভূমিকম্পই কঁপাই তুলিছিল। চাৰিকোট অঞ্চলত ‘সহযোগী হাট’ নামৰ এক অভিযান চলোৱা হয়। UH-1Y Huey হেলিকপ্টাৰ সকাহৰ বাবে চাৰিকোট অঞ্চলত উপস্থিত হʼবলৈ গৈছিল। কিন্তু দুৰ্ঘটনাৰ ফলত হেলিকপ্টাৰখনত থকা ৮জন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ৮ জনৰ ভিতৰত ২ জন নেপালী জোৱান।

২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত এয়াৰ কাষ্টমণ্ডপৰ এখন বিমানে ১১ জন যাত্ৰী লৈ নেপাল অভিমুখে ৰাওনা হয়। নেপালৰ কালিকোট জিলাত উপস্থিত হোৱাৰ সময়তে বিমানখনে এক দুৰ্ঘটনা সংঘটিত কৰে। এই ঘটনাত দুগৰাকী বিমান পৰিচাৰিকাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ ৯ জন যাত্ৰীক উদ্ধাৰ কৰা হয়।

১২ মাৰ্চ, ২০১৮। ৬৭ জন যাত্ৰী আৰু ৪ জন ক্ৰু সদস্য লৈ ঢাকাৰ পৰা উভতি আহিছিল ইউ এছ বাংলা এয়াৰলাইন্সৰ এখন বিমান। এই বিমানখন কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল।

কিন্তু পাইলটে হঠাৎ বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱায়। ফলত বিমানখন বিমানবন্দৰৰ সমীপৰ ফুটবল খেলপথাৰত খুন্দা মাৰে। ফুটবল খেলপথাৰত খুন্দা মৰাৰ লগে লগে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, এই ঘটনাত ৪৯ জন লোকৰ মৃত্যু হয়।

ফেব্ৰুৱাৰী ২০১৯। বেয়া বতৰৰ বাবে এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ নেপাললৈ উভতি আহিছিল। কিন্তু নেপাললৈ উভতি অহাৰ পথত হেলিকপ্টাৰখনে পাহাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, সেই হেলিকপ্টাৰত নেপালৰ তদানীন্তন পৰ্যটন মন্ত্ৰী ৰবীন্দ্ৰ অধিকাৰীও আছিল। দুৰ্ঘটনাৰ ফলত তেওঁ প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গঠন কৰা হয় এখন তদন্ত সমিতি। হেলিকপ্টাৰখনত ব্যৱহৃত ইন্ধনৰ টেংকিটোৰ অৱস্থান শুদ্ধ নহয় বুলি অৱগত কৰে। ফলত হেলিকপ্টাৰখনৰ ওজন সুষম নহʼল। আনকি, বহাৰ ব্যৱস্থাও ঠিক নাছিল। গতিকে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

২০২২ চনৰ মে’ মাহত নেপালত বেয়া বতৰৰ বাবে পুনৰ বিমান দুৰ্ঘটনা দেখা গৈছিল। ২২ জন যাত্ৰী লৈ এয়াৰপ্লেন কোম্পানীৰে নেপাললৈ আহিছিল।

কিন্তু নেপালৰ মুস্তাং জিলা পোৱাৰ লগে লগে সংঘটিত হয় এই দুৰ্ঘটনা। এই অঞ্চলটো পাহাৰেৰে আবৃত। বেয়া বতৰৰ বাবে বিমানখন পাহাৰত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত ২২ জন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ২২ জনৰ ভিতৰত ৪ জন ভাৰতীয়। তেওঁলোক আছিল থানাৰ বাসিন্দা। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিদিন পিছত দুৰ্ঘটনাস্থলীৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Nepalনেপাল
Share5Tweet3Send

Related Posts

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
51
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ
National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

by News Desk
September 12, 2026
51
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

by News Desk
September 12, 2026
52
BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩
National-International

BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩

by News Desk
September 12, 2026
51
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

by News Desk
September 12, 2026
52
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d