ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

গঠন হ’ব নেকি পৃথক কমতাপুৰ? জীৱন সিংহৰ আত্মসমৰ্পণক লৈ ৰাজ্যজুৰি চর্চা অব্যাহত

নিউজ ডেস্কঃ

News Desk by News Desk
January 17, 2023
Reading Time: 1 min read
A A
0
গঠন হ’ব নেকি পৃথক কমতাপুৰ? জীৱন সিংহৰ আত্মসমৰ্পণক লৈ ৰাজ্যজুৰি চর্চা অব্যাহত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

কিছুদিন পূৰ্বে আৰম্ভ হৈছিল জল্পনা-কল্পনা। অৱশেষত সেয়াই চূড়ান্ত ৰূপ পালে। লগে লগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাও সফল হ’ল। মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৰ সমীপৰ নয়াবস্তি অঞ্চলত উত্তৰ বংগত সক্ৰিয় উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ (Kamtapur Liberation Organisation) মুৰব্বী জীৱন সিংহই (Chief Jeevan Singh) ছয়জন অনুগামীৰ সৈতে আত্মসমৰ্পণ (surrender) কৰে।

(Kamtapur Liberation Organisation)
Kamtapur Liberation Organisation:

সম্প্ৰতি তেওঁলোক কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জিম্মাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, জীৱন আৰু তেওঁৰ অনুগামীসকলৰ আত্মসমৰ্পণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য ভূমিকা পালন (Assam Chief Minister Himanta Biswa Sarma plays a key role) কৰিছিল। কেএলঅ’ৰ নেতাসকলে আত্মসমৰ্পণ কৰাৰ লগে লগে এতিয়া অসমত শীঘ্ৰে আৰম্ভ হʼব শান্তি আলোচনা। কিন্তু কিহৰ ভিত্তিত আলোচনা হ’ব, কেএলঅ’ৱে কিবা নিৰ্দিষ্ট চৰ্ত ৰাখিছে নেকি সেই সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এক সূত্ৰই দাবী কৰিছে যে বিগত কিছুদিন ধৰি তেওঁলোক নাগালেণ্ডৰ মন জিলাৰ সিপাৰে ম্যানমাৰত শিবিৰ পাতি আছিল। ভাৰতলৈ উভতি যাবলৈ সাজু হৈছে— এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছত অসম ৰাইফলছৰ এটা দল মন জিলালৈ যায়। ভাৰত-ম্যানমাৰ সীমান্ত চুক্তি অনুসৰি দুয়োখন দেশৰ লোকে সীমান্তৰ দুয়োপাৰে ১৬ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সূত্ৰ অনুসৰি, উক্ত অঞ্চলতে আত্মসমৰ্পণ কৰা হৈছিল।

উল্লেখ্য, অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্তই বিগত এবছৰ ধৰি কেএলঅ’ নেতৃত্বৰ সৈতে আলোচনা কৰি শান্তি ঘূৰাই আনিবলৈ তৎপৰ হৈ আছে। আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজবংশী ৰাষ্ট্ৰীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায় অন্যতম মধ্যস্থতাকাৰী আছিল। ১৯৯৫ চনত গঠন হোৱা কেএলঅ’ৱে সুকীয়া কামতাপুৰৰ দাবীত উত্তৰ বংগৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

২০০৩ চনত ‘অপাৰেচন অল ক্লিয়াৰ’ আৰু ‘অপাৰেচন ফ্লেছ আউট’ আৰু ভূটান বাহিনীয়ে আলিপুৰদুৱাৰ সমীপৰ ভূটানৰ জংঘলত ভিত্তি কৰি কেএলঅ’ আৰু ইয়াৰ সংযুক্ত সংস্থাসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। জীৱনৰ ভগ্নী সুমিত্ৰা, ভনীজোৱাই ধনঞ্জয় বৰ্মন, উপ-সভাপতি হৰ্ষবৰ্ধন, সেনা প্ৰধান টম অধিকাৰী, কৈলাশ কোচৰ দৰে কেএলঅ’ৰ শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰে।

কিন্তু জীৱনে ম্যানমাৰলৈ পলায়ন কৰি নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ (খাপ্লাং) শিবিৰত আশ্ৰয় লয়। শেহতীয়াকৈ জীৱন আৰু তেওঁৰ আত্মীয়ই দাবী কৰে যে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সুকীয়া কামতাপুৰ ৰাজ্য দিবলৈ শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে। যদি সেয়ে হয়, তেন্তে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিক্ৰিয়া ৰাজ্যত লক্ষণীয় হ’ব।

Tags: KamtapurSurrender of Jeevan Singhকমতাপুৰজীৱন সিংহৰ আত্মসমৰ্পণ
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx