ASSAM TIMES POST
অজন্তা তালুকদাৰঃ শৰীৰৰ গ্ৰন্থিসমূহে যিদৰে দেহটোক বান্ধি ৰাখে, গ্ৰন্থই সমস্ত জ্ঞান বিজ্ঞান, ভাৱনা, অনুভৱ থুপখুৱাই বান্ধি ৰাখে।গ্ৰন্থই হল মানৱ জীৱনৰ সৰ্বোত্তম সুহৃদ। দেৰগাঁৱৰ নিকটৱৰ্তী ১ নং খকন্দগুৰিৰ অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক পশ্চিম ব্ৰহ্মপুত্র শাখা সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ হিতৈষী সভ্য পদ্মধৰ বৰাৰ বাসগৃহত অঞ্চলটোৰ প্ৰথমটো ঘৰুৱা পুথিভঁড়াল ‘হীৰা পুস্তকালয় আৰু পদ্মধৰ বৰা পুথি অধ্যয়ন কেন্দ্ৰ’ টিৰ উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰমোহন হাজৰিকাই আয়তীৰ মংগল উৰুলি ধ্বনি, গায়ন বায়নৰ খোল তালৰ গুৰুঘাটৰ মাজেৰে শুভ উন্মোচন কৰে।
স্থানীয় জ্যেষ্ঠ নাগৰিক সাহিত্যানুৰাগী মহেশ্বৰ বৰাই বিশ্ব গ্ৰন্থাগাৰ আন্দোলনৰ হোতা ড° এছ আৰ ৰংগনাথনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰ শুভাৰম্ভ কৰা উন্মোচনী সভাত পদ্মধৰ বৰাই আদৰণি ভাষণ দিয়াৰ পিছতে উদ্বোধনী ভাষণ প্ৰদান কৰে দেৰগাঁও উদয়ন একাডেমী জুনিয়ৰ কলেজৰ অধ্যক্ষ ভাস্কৰ বৰাই। ভাষণ প্ৰসংগত তেওঁৰ গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা সম্পৰ্কে সাৰুৱা বক্তব্য আগবঢ়ায়। অৱসৰপ্ৰাপ্ত শিক্ষক ত্রৈলোক্য বৰুৱাই পৌৰহিত্য কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি-লেখক, কৃতী শিক্ষক বুবুল দত্তই তেখেতৰ সাৰুৱা ভাষণেৰে উপস্থিত অভ্যাগতসকলক মোহাচ্ছন্ন কৰি ৰাখে। অনুষ্ঠানটিত উপস্থিতসকলৰ ভিতৰত ইন্দ্ৰাণী দেৱী উঃ মাঃ বিদ্যালয়ৰ শিক্ষক প্ৰজ্ঞা সুন্দৰ হাজৰিকা, গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক সুনীল ৰাজগুৰু, পশ্চিম ব্ৰহ্মপুত্র শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জিতেন্দ্ৰ নাথ ভূঞা, দেৰগাঁও থানাৰ চক্ৰ সংগঠক শিৰোমনি মহন্তকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানতে কেইবাজনো শুভানুধ্যায়ী ব্যক্তিয়ে হীৰা পুস্তকালয়লৈ গ্ৰন্থৰ টোপোলা আগবঢ়ায়। পদ্মধৰ বৰাই অভ্যাগত সকলক শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে এটি প্ৰীতি ভোজমেল অনুষ্ঠিত হয়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে সাহিত্যানুৰাগী যুৱক মৃদুষ্মন্ত বৰুৱাই।