ASSAM TIMES POST,বোকাখাতঃ
সমকালীন সমাজত জীৱনমুখী শিল্প সাহিত্যৰ গণমুখী ধাৰাক অধিক গতিশীলতা প্ৰদানৰ আদৰ্শৰে গঠিত বোকাখাতৰ নৱ-প্ৰজন্মৰ মিলিত মঞ্চ ’সাহিত্য অন্বেষণ’। যোৱা ১৬ জুলাইত সাহিত্য অন্বেষণৰ প্ৰথম বৰ্ষপূতি উপলক্ষে মুকলি সভা, মুখপত্ৰ উন্মোচন, সম্বৰ্দ্ধনা, কবি সন্মিলন, নৃত্য-গীত-একক অভিনয় আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথমখনি প্ৰীতি সন্মিলন অনুষ্ঠিত হৈ যায় বোকাখাত নাট্য মন্দিৰত। এই উদ্দেশ্যে পুৱা বন্তি প্ৰজ্বালনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰত্নেশ্বৰ মৰাঙে।
ইয়াৰ পিছতেই কবি-আৰক্ষী বিষয়া গোবিন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি কল্পনা চেতিয়াই আৰু আদৰণি ভাষণ প্ৰদান কৰে গোটৰ সভাপতি এনিশা কাশ্যপে। ‘’সাহিত্য অন্বেষণ’ৰ সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে আঁত ধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় জোনমণি চুতীয়া নামলগোৱাই।
বিশিষ্ট ব্যক্তি হিচাপে উপস্থিতি থাকি বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, বিশিষ্ট সাহিত্যিক মুকুট শৰ্মা, প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদক প্ৰণৱজ্যোতি নদীয়াল, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ আদিয়ে সাৰুৱা ভাষণ আগবঢ়ায়৷ দৃষ্টিৰূপা বৰদলৈ আৰু পম্পী শইকীয়াৰ যুটীয়া সম্পাদনাত প্ৰকাশিত ‘সাহিত্য অন্বেষণ’ৰ বাৰ্ষিক মুখপত্ৰ ‘শব্দ সুগন্ধি’ উন্মোচন কৰে বিশিষ্ট কবি নিজৰা বৰঠাকুৰে ৷
সভাত অন্য এখন কাব্যগ্ৰন্থ জ্যোৎস্না বৰাৰ ‘কবি, কবিতা আৰু বিশ্লেষণ’ৰ প্ৰথম খণ্ড উন্মোচিত হয়। এই সভাতেই ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কিশোৰী সৌন্দৰ্য শিল্পী সম্প্ৰীতিপ্ৰাণ হাজৰিকা, ২০১৯ বৰ্ষৰ ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক প্ৰাপ্ত কবি নীলিমা বৰা আৰু কবি প্ৰীতি বৰাক সম্বৰ্দ্ধনা জনোৱা হয়৷

অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী হিচাপে ‘বৰষাৰ আঁচলত কবিতাৰ বা’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানটি সঞ্চালনা কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সহঃসম্পাদক দীপ হেষ্টিংছ বৰিয়ে। বিশিষ্ট আবৃত্তিকাৰ-লেখিকা ড° গায়ত্ৰী বৰা কাকতিয়ে জনপ্ৰিয় কবি নীলিম কুমাৰৰ এটি কবিতাৰে কবিতা অনুষ্ঠানটি শুভাৰম্ভ কৰে ৷
কবিতাৰ অনুষ্ঠানত বিশিষ্ট কবি শৰৎ হাজৰিকা, অমৰ শৰ্মা, মুহি শইকীয়া, প্ৰণৱজ্যোতি নদীয়াল, মনালিছা শইকীয়া, মিনতি দলে, পলিমা চেতিয়া বসুমতাৰী, পপী শইকীয়া, উষাজোন ফুকনৰ লগতে প্ৰীতি বৰা, নীলিমা বৰা, নীহাৰিকা শইকীয়া, চুমি গগৈ, লোকপ্ৰিয়া বৰা, শিল্পী খাটনিয়াৰ, হিমাঞ্চল দত্ত, বৰ্ণিল, ইপ্সিতা দত্ত, প্ৰিয়াংশু প্ৰাঞ্জল, ক্ষীৰোদ শইকীয়া,প্ৰিয়াশ্ৰী নেওগ এনিশা কাশ্যপ আদি ডেৰকুৰি নবীন-প্ৰবীণ কবিৰ স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰে তোলে৷ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়ায় সাহিত্যিক মুকুট শৰ্মাই৷ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুস্থানটি শেষত অসম সংগীতেৰে সামৰণি কৰা হয়।













