![]()
মায়ানগৰীৰ মায়াবী খবৰ!
শ্ৰীদেৱী (Sree Devi) উভতি আহি আছে।
তেওঁৰ ‘চান্দনী’ বা ‘লমহে’… নিমিষতে আপোনাক নব্বৈৰ দশকলৈ লৈ যায়। ডাঙৰ পৰ্দাত তেওঁৰ যাদু যিকোনো সময়তে দেখা যায়।

এইবাৰ উভতি আহি আছে শ্ৰীদেৱী। বুধবাৰে প্ৰযোজক বনী কাপুৰে কয়, ‘শ্ৰীদেৱী- দ্য লাইফ অব এ লিজেণ্ড’ (Sridevi – The Life of a Legend) শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ হ’বলৈ গৈ আছে। গৱেষক, সাহিত্যিক আৰু স্তম্ভলেখক ধীৰাজ কুমাৰে এই গ্ৰন্থখন ৰচনা কৰিছে। ৱেষ্টলেণ্ড বুকছৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনত ঘৰুৱা শ্ৰীদেৱী আৰু নায়িকা শ্ৰীদেৱীৰ দুই সত্তাই প্ৰকাশ পাব।













