![]()
হিন্দু সংস্কৃতিৰ বিৰুদ্ধে ভেলেণ্টাইন ডে (Valentine Day)! প্ৰেম দিৱস উদযাপনৰ প্ৰতিবাদ স্বৰূপে হিন্দুত্ববাদী সংগঠন ‘হিন্দু মুন্নানী’-এ (Hindu Munnani) কুকুৰৰ বিয়া পাতিলে। তামিলনাডুৰ শিৱগংগাত সংঘটিত হৈছে এই ঘটনা। প্ৰেম দিৱস উদযাপনক উপহাস কৰিবলৈ হিন্দু মুন্নানীয়ে দুটা কুকুৰৰ বিয়াৰ আয়োজন কৰিলে।

প্ৰেম দিৱস উদযাপন কৰাটো ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলি দাবী কৰিছে ‘হিন্দু মুন্নানীʼৰ সদস্যসকলে। ভেলেণ্টাইন ডেʼত প্ৰেমিক-প্ৰেমিকাই ৰাজহুৱা স্থানত ‘লেতেৰামি’ কৰে আৰু এই অভিনৱ পদ্ধতিৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
সোমবাৰে হিন্দু মুন্নানী কৰ্মীয়ে দুটা কুকুৰ আনি কাপোৰ আৰু মালাৰে সজায়। সেই কাপোৰেৰে গাঁঠি বান্ধি কুকুৰ দুটাৰ বিয়া পাতে। বিগত বছৰবোৰতো এই সংগঠনটোৱে প্ৰেম দিৱসৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।











