![]()
নিউজ ডেস্কঃবগা পাগুৰি, মুখভৰা দীঘল দাড়ি, কাপোৰেৰে মেৰিয়াই ৰঙা চাদৰ- এই প্ৰবীণ অভিনেতাজনক চিনি পায়নে? বুধবাৰে পুৱা বেলেগ ধৰণেৰে জনসাধাৰণৰ মাজলৈ আহিছিল ধৰ্মেন্দ্ৰ (Dharmendra)। ভালদৰে পৰ্যবেক্ষণ কৰিলে বহুতে তেওঁৰ মুখখন পীৰ বাবাৰ সৈতে মিল থকা দেখিব। কিন্তু হঠাতে দৰ্শকৰ মাজলৈ এনেদৰে অহাৰ কাৰণ কি? ইয়াৰ ৰহস্য পিছে বেলেগ। আহি আছে তেওঁৰ নতুন ৱেব ছিৰিজ (New Web Series)। ধাৰাবাহিকখনত দৰ্শকে চেলিম সিষ্টিৰ চৰিত্ৰত (Salim Chishti’s character) অভিনয় কৰিব প্ৰবীণ অভিনেতাগৰাকীক।

‘জি ফাইভʼৰ আগন্তুক নতুন ধাৰাবাহিকখন হৈছে ‘তাজ ডিভাইডেড বাই ব্লাড’। ধৰ্মেন্দ্ৰৰ উপৰি নাছিৰুদ্দিন শ্বাহকে ধৰি কেইবাগৰাকীও অভিনেতাক দেখা যাব এই ধাৰাবাহিকখনত। এই ধাৰাবাহিকখন ১৪ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল ‘জি ফাইভ’-এ। মোগল সাম্ৰাজ্যৰ বিভিন্ন কাহিনী, সিংহাসনৰ সংগ্ৰাম- এনে বহু কাহিনীৰ উন্মেষ ঘটিব। নাছিৰুদ্দিনে এই ধাৰাবাহিকখনত আকবৰৰ চৰিত্ৰত অভিনয় কৰিব।
বুধবাৰে টুইটাৰযোগে এই ছবিখনৰ পৰা নিজৰ লুক পোষ্ট কৰে ধৰ্মেন্দ্ৰই। তেওঁ লিখিছে, “‘তাজ’ ছবিখনত মই চুফী সাধু চেলিম সিষ্টিৰ চৰিত্ৰত অভিনয় কৰিছো। এটা সৰু চৰিত্ৰ। আপোনাৰ সকলো প্ৰাৰ্থনা বাঞ্ছনীয়।”এই ধাৰাবাহিকত অদিতি ৰায় হাইদাৰীক ‘অনাৰকলি’ হিচাপে দেখা যাব। ৰাজকুমাৰ চেলিমৰ চৰিত্ৰত দেখা যাব অসীম গুলাতীক।













