![]()
বহিঃৰাষ্ট্ৰৰ পৰা আহিছে বিশেষ নিমন্ত্ৰণ। জানিব পৰা মতে, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ (Cambridge University) স্কুল অব বিজনেছত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত বক্তব্য (Speaking in front of the students) ৰাখিবলৈ ৰাহুল গান্ধী (Rahul Gandhi)ক আমন্ত্ৰণ জনোৱা হৈছে। এই খবৰটো ৰাহুলে নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে তাত উপস্থিত থাকিবলৈ আমন্ত্ৰণ পাই উল্লাসিত হৈ পৰে প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকী।

তেওঁ ভাৰত-চীন সম্পৰ্ক আৰু গণতন্ত্ৰৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ কথা। যোৱা বছৰো তাৰ পৰাই ৰাহুলক নিমন্ত্ৰণ কৰা হৈছিল। এবছৰৰ পাছত আকৌ এই নিমন্ত্ৰণ আহে। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা দিবলৈ গৈ ৰাহুলৰ আগ্ৰহ প্ৰকাশ পাইছে ছচিয়েল মিডিয়াত দিয়া পোষ্টৰ পৰা। উল্লেখযোগ্য যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্প্রতি সমাপ্ত হৈছে ৷












