![]()
স্কুলৰ ইউনিফৰ্ম পিন্ধি(School Uniform) হাতত কলম আৰু এডমিট কাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে(National Highway)এজাক স্কুলীয়া ছোৱালী দৌৰিছে। বিহাৰৰ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল(Video viral)হৈ পৰিছে ছচিয়েল মিডিয়াত(Social Media)। কিন্তু দৌৰৰ কাৰণ কি? কাৰণ শুনি সকলোৰে চকু ডাঙৰ হৈ গʼল।

বিহাৰত আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। জানিব পৰা মতে, শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলৈ ওলাইছিল। কিন্তু পথৰ প্ৰচণ্ড যান-জঁটত আবদ্ধ হৈ পৰে। বহু দেৰি ট্ৰেফিকত আবদ্ধ হৈ থকাৰ পিছত যেতিয়া জাম খোলাৰ কোনো উপায় নেদেখিলে তেতিয়া সকলোৱে গাড়ী, অটো, বাছৰ পৰা নামি পৰীক্ষা কেন্দ্ৰৰ ফালে দৌৰিবলৈ আৰম্ভ কৰে।
যান-বাহনৰ মাজেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৌৰে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বহুতে এই ঘটনাৰ ভিডিঅ’ কৰে। পিছত ছচিয়েল মিডিয়াত বিয়পি পৰে। শুকুৰবাৰে ২ কিলোমিটাৰতকৈ অধিক দৌৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় ছাত্ৰ-ছাত্ৰীসকল। সকলোৱে খৰখেদাকৈ পৰীক্ষা দিয়ে।
বিহাৰত এইবাৰ মেট্ৰিক পৰীক্ষাত লʼৰাতকৈ ছোৱালীৰ সংখ্যা বেছি। একেদৰে শুকুৰবাৰে কাইমুৰ জিলাতো ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰলৈ গৈ আছিল। কিন্তু মাজবাটতে সকলোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ বিশাল যান-জঁটত আবদ্ধ হৈ পৰে। বহু সময় অপেক্ষাৰ অন্তত যেতিয়া পথ খোলাৰ কোনো লক্ষণ দেখা নাপালে, তেতিয়া ছোৱালীবোৰে গাড়ী, অটো, বাছৰ পৰা নামি স্কুলৰ ফালে দৌৰিবলৈ বাধ্য হয়, হাতত কলম আৰু এডমিট কাৰ্ড লৈ। দৃশ্যটো দেখি সকলোৱে আচৰিত হৈ পৰে।
কাইমুৰ জিলাৰ শিক্ষা বিষয়া চুমন শৰ্মাই কয় যে এই ঘটনাৰ খবৰ পাই তেওঁলোক স্তম্ভিত হৈ পৰে। একাংশ অভিভাৱকে অনুভৱ কৰে যে তেওঁলোকে বিভিন্ন প্ৰশাসনিক সভাত ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ বিষয়টোক লৈ আলোচনা কৰিছে যদিও একো হোৱা নাই, ছোৱালীকেইজনীৰ দৌৰে সেইটো প্ৰমাণ কৰি দিলে বুলি একাংশ অভিভাৱকৰ ধাৰণা।










