![]()
যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত(Afghanistan)পুনৰ ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এইবাৰ ৰাজহুৱা স্থানত দুগৰাকী মহিলাকে ধৰি ১১জন লোকক কোবাই কোবাই হত্যা কৰা হয়। তালিবানৰ উচ্চতম ন্যায়ালয়ে(Taliban Supreme Court) জনোৱা মতে, যোৱা শুকুৰবাৰে আফগানিস্তানৰ বাদাখছান খেলপথাৰত ১১ জন লোকক চাবুকেৰে কোবোৱা হৈছিল ‘নৈতিক অপৰাধ আৰু ব্যভিচাৰ’ৰ বাবে।

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম খামা প্ৰেছে এই সন্দৰ্ভত প্ৰকাশ কৰে।সংবাদ মাধ্যমে প্রশাসনৰ এক বিবৃতি প্রকাশ কৰা মতে, উত্তৰ বাদাখছানৰ এখন খেলপথাৰত ১১জন লোকক শাস্তি দিয়াৰ দৃশ্য চাবলৈ বহু লোক আহিছিল৷ তালিবানৰ প্ৰশাসক, শিক্ষাবিদৰ পৰা বিশিষ্ট লোক উপস্থিত আছিল তাত।
খামা প্ৰেছৰ বাতৰি অনুসৰি, কিছুদিন পূৰ্বে তালিবানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৬ জন লোকক কোবাই কোবাই হত্যা কৰা হৈছিল। চাউথ হেলমাণ্ড প্ৰদেশৰ গ্ৰীছাক জিলাত সংঘটিত হৈছে এই ঘটনা। শেহতীয়াকৈ আফগানিস্তানত ২৫০ জন লোকক বিভিন্ন অভিযোগত তালিবানে চাবুকেৰে কোবোৱা হৈছে।
তালিবান নেতা হিবাতুল্লাহ আখুন্দজাদাই ন্যায়াধীশসকলক কঠোৰ শ্বৰীয়ত আইন বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে। ইছলামৰ শ্বৰীয়ত আইনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়া চলাব লাগে বুলিও তেওঁ কয়। ইয়াৰ পিছত যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। তেতিয়াৰ পৰাই হেলমাণ্ড, ফাৰাহ, টাখৰ, লগাৰ, কাবুল, বাদাখছান, উৰুজগান, পৰৱান, পক্ষ্টিকা, পকটিয়া, লাগমান আদি প্ৰদেশত অপৰাধীক ৰাজহুৱাভাৱে কোবাই কোবাই হত্যা কৰা হৈছে।
স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে আফগানিস্তানত তালিবান চৰকাৰে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক নিষিদ্ধ কৰিছে। এই ধৰণৰ আচৰণ সহ্য কৰা নহʼব। শেহতীয়াকৈ পূৱ আফগানিস্তানৰ নাংগাৰহাৰৰ তিনিজন যুৱকক ‘ব্যভিচাৰʼৰ অভিযোগত মুঠ ৩৯ বাৰকৈ কোবোৱা হৈছিল। নাংগাৰহাৰ প্ৰদেশৰ তালিবান প্ৰশাসকৰ মতে, এই তিনিজন যুৱকে এটা ঘৰত থাকে। ‘অবৈধ যৌন সম্পৰ্কʼৰ সন্দেহত গ্ৰেপ্তাৰ কৰে দুয়োকে। বিচাৰৰ শেষত আদালতে চাবুকেৰে কোবোৱাৰ দিয়াৰ নিৰ্দেশ দিয়ে।
২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিছিল। ইয়াৰ পিছত দেশখনত ছোৱালীৰ উচ্চ শিক্ষা নিষিদ্ধ কৰা হয়। ওৰণি ব্যৱস্থাকে ধৰি ইটোৰ পিছত সিটো পৰোৱানা জাৰি কৰা হৈছে। যোৱা নৱেম্বৰৰ পৰা শ্বৰীয়ত আইনো কাৰ্যকৰী কৰা হৈছে।










